ইমান ভয় কিয়? প্ৰাণৰ মায়া ইমান অধিক কিয়? দিয়া মোক তোমালোকৰ ঢাল-তৰোৱাল দিয়া। মই ৰণলৈ যাম। তেতিয়া বুজিবা মই মতা নে তিৰোতা।”
এইদৰে কৈ সেই তেজস্বিনী মহিলাই পুতেকক হাতত ধৰি ৰাজসভাৰ পৰা লৈ আহিল আৰু পুনৰ সকলোকে শুনাই কৈ গল— “মোৰ ল'ৰাক কোনে কোঁচবেহাৰলৈ পঠিয়ায়, চাম। যদি কোনোবাই দিখৌ নদীৰ সোঁত ওভোটাই বোৱাব পাৰে, সিহে মোৰ লৰাক বিদেশত জামীন থব পাৰিব।” . ৰজা আৰু ডাঙৰীয়া সকলোৱে এই তেজস্বিনী নাৰীৰ কথা শুনি মুখ সিকটালে আৰু তথা লাগি তেওঁৰ ফালে চাই থাকিল।
আজিৰ অসমীয়া জাতি এই বীৰ নাৰী সকলৰ সতি-সন্ততি নহয় নে কি? তেওঁলোকৰ তেজৰ সোঁত অসমীয়াৰ সিৰত বই থকা নাই জানো? যদি আছে, তেন্তে তেওঁলোকৰ তেজ পানী হল কিয়?
★ ৰাণী চাঙচিং আৰু নংবক্লা গাভৰু এই চিত্ৰ দুটাৰ সমল ৰায় বাহাদুৰ ডাক্তৰ শ্ৰীসূৰ্য্যকুমাৰ ভূঞাদেৱৰ An Assamese Nur Jahan নামৰ কিতাপৰ পৰা লোৱা হৈছে।