সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

৪। নংবক্লা গাভৰু।

 স্বৰ্গদেৱ চুখাম্ ফা বা খোৰা ৰজাই ১৫৫২—১৬০৩ খৃষ্টাব্দলৈকে ৫১ বছৰ ৰাজপাট খাইছিল। তেওঁ হাতীৰ পৰা পৰি খোৰা হৈছিল। সেই কাৰণে তেওঁক খোৰা-ৰজা নামেও জনা যায়।

 এওঁৰ ৰাজত্ব কালত কোঁচৰজা মহাৰাজ নৰ-নাৰায়ণৰা সেনাপতি বীৰ চিলাৰায়ে ১৫৬২ আৰু ১৫৬৩ খৃষ্টাব্দত আহোমৰাজ্য দুবাৰো আক্ৰমণ কৰিছিল। আগৰ বাৰত আহোম সেনাপতিয়ে শত্ৰুক ছল কৰি খেদিবৰ বুধিৰে যেই সেই কিছুমান মানুহক লগুণ পিন্ধাই কপিলা গৰুৰ পিঠিত তুলি ৰণ কৰিবলৈ পঠিয়াইছিল। বীৰ চিলাৰায় বৰ নৈষ্ঠিক হিন্দু আছিল। তেওঁ দেখিলে যুঁজ কৰিলে ওপৰে ব্ৰহ্মবধ আৰু তলে গোবধ হয়। সেই কাৰণে তেওঁ ৰণ নিদি উভতি যায়।

 পাচত তেওঁ জানিব পাৰিলে যে, আহোম ৰজাই তেওঁক ভুৱা দিহে খেদিলে। সেই খঙতে পিচৰ বছৰত তেওঁ পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিলে। এইবাৰ চিলাৰায় অহা শুনি স্বৰ্গদেৱ পাত্ৰ-মন্ত্ৰীৰে সৈতে পলাই পৰ্ব্বতত উঠিলেগৈ। আহোম সেনা যুঁজত হাবিল। পিচে চিলাৰায়ৰ প্ৰস্তাৱ মতে তেওঁলোক