সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ৰাণী চাওচিং।

তেওঁৰ বল-বিক্ৰমতে পাঠানৰ শোচনীয় পৰাজয় ঘটে ; তেওঁৰ পৰাই স্বৰ্গদেৱে তুৰবকৰ মূৰ উপহাৰ পায় আৰু কৰতোৱা নদীলৈকে আহোমৰাজ্যৰ সীমা বাঢ়ে। এইবোৰ বীৰোচিত কাৰ্য্যৰ পুৰস্কাৰ স্বৰূপে স্বৰ্গদেৱে ভাই-ৰজাক তেওঁৰ মন্ত্ৰী-সভাত লবলৈ মন কৰে ।

 তেতিয়ালৈকে বুঢ়াগোঁহাই আৰু বৰগোঁহাই এই দুজনহে মন্ত্ৰী আছিল । স্বৰ্গদেৱে আৰু এজন মন্ত্ৰী লোৱাৰ মন কৰা শুনি তেওঁলোকে দুৰ্ঘোৰ আপত্তি কৰে। ৰাণী চাওচিঙৰ চতুৰালি আৰু বুজনিতহে তেওঁলোক শান্ত হৈছিল ; আৰু তেওঁলোকে ৰজাৰ ইচ্ছাক সমৰ্থন কৰিছিল। ৰাণী চাওচিঙে তেওঁলোকক কৈছিল—“ডাঙৰীয়া সকল! মন্ত্রীসভাত তিনি জন মন্ত্ৰী লাগে ৷ কিয়নো ৰাজ্য শাসনৰ সোণালী পাত্ৰটো দুটা ঊধানত নৰয়। তৃতীয়টো উধানৰ একান্ত আৱশ্যক। স্বৰ্গদেৱে তাৰেই ব্যৱস্থা কৰিছে। আপোনালোকে আপত্তি কৰিছে কিয়?”

 তেতিয়াহে স্বৰ্গদেৱে কনচেং ডাঙৰীয়াক বৰপাত্ৰ গোঁহাই উপাধি দি তৃতীয় মন্ত্ৰী পাতিব পাৰিছিল। তেতিয়াৰ পৰাহে আহোম ৰজাৰ তিনি জনা ডাঙৰীয়া ৰাজমন্ত্ৰী হোৱাৰ নিয়ম হল।

 যি নাৰীয়ে নতুনকৈ ৰাজধানী পাতি তাক সুৰক্ষিত কৰাৰ ব্যৱস্থা লগাব পাৰে, যি নাৰীয়ে মন্ত্রীসভাৰে সৈতে ৰজাৰ খৰিয়াল ভাঙি ৰজাৰ সন্মান ৰক্ষা কৰিব পাৰে, তেওঁৰ তেজস্বিতা আৰু প্ৰতিভাৰ পৰিমাণ বুজক । অতি গৌৰৱৰ কথা যে, সেই মহিয়সী মহিল৷ অসম আইৰে জীয়াৰী।