পতিৰ মৃত্যু হোৱা শুনি গাভৰু তেনেই মৰামুৱা হল । এটা
কথাই তেওঁৰ শোকৰ পাৰিমাণ আৰু বঢ়ালে। গোঁহাঞিদেৱে
ৰণলৈ ওলাই গাভৰুক ‘কবচ-কাপোৰ' খুজিছিল। লৰালৰিৰ
বেগত গাভৰুৱে ‘কবচ-কাপোৰ' দিব নোৱাৰিলে। একে ৰাতিয়ে
কপাহ নেওঠি, পাঁজি বাটি, সূতা কাটি, ৰাতি নৌপুৱাওঁতেই বৈ
উলিওৱা কাপোৰৰ নাম 'কবচ-কাপোৰ'। অসমীয়া বীৰৰ ভাৰ্য্যা
সকলে লগত কবচ-কাপোৰ দিহে পতিক ৰণলৈ পঠিয়াইছিল।
কিয়নো কবচ-কাপোৰ গাত থাকিলে ৰণত বীৰৰ মৃত্যু নহয়—
এইটো স্বাধীন অসমীয়া তিৰোতাৰ দৃঢ় বিশ্বাস আছিল । মূলা-গাভৰুৰ
দুখ হল যে, মোৰ অৱহেলাৰ কাৰণেহে স্বমীৰ অকাল
মৃত্যু ঘটিল ৷ এই দুঃখে সতীক দুগুণে পীড়িলে ।
আগৰ বাৰত জয়ী হৈ মন বঢ়াত ১৫৩২ খৃষ্টাব্দত তুৰবকে পুনৰ অসম জয় কৰোঁ বুলি আহিল। এইবাৰ মূলা-গাভৰুৱে পতি- বৈৰীৰ প্ৰতিশোধ লবৰ মনেৰে ঢাল-তৰোৱাল লৈ নিজে ৰণলৈ ওলাল। তেওঁৰ সাহ আৰু উৎসাহ দেখি অসমীয়া সেনাই বল পালে। তেওঁলোকে বীৰ-গাভৰুক আগত লৈ মনৰ আনন্দে যুদ্ধ-যাত্ৰা কৰিলে ।
এইবাৰ দিকৰাই মুখত উভয় পক্ষৰ ঘোৰতৰ ৰণ হল । গাভৰুৱে প্ৰাণৰ মায়া এৰি বিষম বিক্ৰমেৰে শত্ৰু-সেনা ক্ষয় কৰিলে। তেওঁৰ ৰণ-চণ্ডী মূৰ্ত্তি দেখি শত্ৰুৰ মনত ভয় সোমাল; আৰু তেওঁৰ বীৰত্বৰ আৰ্হিয়ে অসমীয়া সেনাৰ বল চতুৰ্গুণে বঢ়ালে ৷