এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৯
সৰোজিনী নাইডু।
পৃষ্ঠপোষক আছিল। পৰ্দ্দা প্ৰথা আৰু বাল্য-বিবাহৰ তেওঁ ঘোৰ বিৰোধী আছিল। মতা-তিৰোতাক পৃথক চকুৰে চোৱা তেওঁ দেখিব নোৱাৰিছিল বৰং তেনে কথাক তেওঁ মানৱতাৰ অপমান বুলিহে কৈছিল। তেওঁ কৈছিল— “এনে সংকীৰ্ণভাৱ পতিত জাতিৰহে লক্ষণ; উঠি অহা জাতিৰ ধৰ্ম্ম নহয়।
সৰোজিনী নাইডুৰ কৰ্ম্মক্ষেত্ৰ ইমান বহল আৰু প্ৰতিভা ইমান বহুমুখী আছিল যে, সাধাৰণ লোকৰ পক্ষে তেওঁৰ সম্যক ধাৰণা কৰাই টান। তেওঁ আছিল জগত জিনা কবি, আন্তৰ্জাতিক খ্যাতি থকা বাগ্মী, ভাৰতৰ স্বাধীনতা যুদ্ধৰ একনিষ্ঠ ক্ষমতাশালী যোদ্ধা, কূট কথাৰ আঁত উলিয়াব পৰা সূক্ষ্মদৰ্শী ৰাজনৈতিক, জনপ্ৰিয় নেত্ৰী, দয়ালু শাসিকা, ভাৰতমাতাৰ অতি আদৰৰ সেৱিকা স্বামীৰ সুৱাগী ভাৰ্য্যা, স্নেহময়ী জননী আৰু বন্ধু সমাজত আনন্দৰ ঢৌ তুলিব পৰা ৰঙীয়াল বান্ধৱী। তেওঁৰ মৃত্যুত ভাৰত-গগণৰ এটি অতি উজ্জ্বল নক্ষত্ৰ জ্যোতিহীন হ'ল।
অন্ত