সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭
সৰোজিনী নাইডু।

আন্দোলন চলোৱাৰ ভাৰ পৰে। তেওঁ দল-বল লৈ সেনাপতি দৰে আগত গৈ ধৰাসনা লোন-কুঠি আক্ৰমণ কৰিছিল। সেই কাৰ্য্যত তেওঁৰ তেজ, শক্তি আৰু মহিম৷ দেখি বৃটিছ-সিংহৰ কঁপনি উঠে।

 তেওঁ কেবাবছৰ জুৰি কংগ্ৰেচৰ কাৰ্য্যনিৰ্বাহক সভাৰ সভ্য আছিল।

 ১৯৩১ খৃষ্টাব্দত তেওঁ মেজ মেলৰ প্ৰতিনিধিৰূপে মহাত্মা গান্ধী প্ৰভৃতি নেতাসকলেৰে সৈতে ইংলণ্ডলৈ যায়। তাত তেওঁলোকে হতাশ হৈ ঘূৰি আহি পুনৰ আন্দোলন কৰে।

 ১৯৪২ খৃষ্টাব্দত ভাৰত ৰক্ষা আইনৰ বলেৰে ৯ আগষ্টত তেওঁক পুনৰ বন্দী কৰে। ফাটকত তেওঁ অসুস্থ হোৱা কাৰণে ১৯৪৩ চনৰ ২১ মাৰ্চ তাৰিখে মুক্তি দিয়ে।

 ১৯৪৭ খৃষ্টাব্দত ১৫ আগষ্টত তেওঁলোকৰ আন্দোলনে সফলতা লাভ কৰে। ভাৰতে স্বাধীনতা পায়। সেই দিনাৰ পৰাই তেওঁৰ ওপৰত আগ্ৰা-অযোধ্যা-যুক্ত-প্ৰদেশৰ প্ৰদেশ-পালৰ ভাৰ পৰে। নতুনকৈ স্বাধীনতাৰ মুকলি বতাহ পোৱা চাৰে চাৰি কোটি লোকৰ শাসন আৰু শৃঙ্খলা ৰখা আৰু তেওঁলোকক উন্নতিৰ বাটত আগ বঢ়াই নিয়া এই অতি দায়িত্বপূৰ্ণকাম সুন্দৰ- ভাৱে সম্পন্ন কৰি তাতো তেওঁ সুখ্যাতি আজ্জিছিল। তেওঁৰ মাতৃ-হৃদয়ৰ কৰুণা পাই তাৰ অগণন ৰাইজ তেওঁৰ গুণত মুগ্ধ হৈছিল। পদবীয়ে তেওঁৰ মৰ্য্যদা অকণো বঢ়াব পৰা নাই; বৰং তেওঁৰ কাৰ্য্যই পদবীৰ মৰ্য্যদা বহুগুণে বঢ়াইছে। ভাৰতৰ