নেতাসকলে ১৯২০ খৃষ্টাব্দত তেওঁক জাতীয় মহাসভ| কংগ্ৰেচৰ সভাপতি পাতে। ভাৰতীয় মহিলা সকলৰ ভিতৰত এই দুৰ্লভ সন্মানৰ তেৱেঁই সৰ্বপ্ৰথম অধিকাৰিণী আৰু জাতিয়ে যাচিব পৰা এয়েই সম্মানৰ সৰ্বোচ্চ আসন। এই প্ৰতিভাশালী মহিলাই সেই আসন শুৱনিয়েই কৰা নাছিল, তাৰ মৰ্য্যদা আৰু গুৰুত্বও আগতকৈ বঢ়াইছিল। সভাপতিৰ আসনৰ পৰা দিয়া তেওঁৰ ওজস্বিনী বক্তৃতাই ভাৰতবাসীক যুঁজৰ কাৰণে মতলীয়া কৰি তুলিছিল আৰু চল্লিশ কোটি লোকৰ মুক্তি-পথত যুক্তিৰ বন্তি জ্বলাই জগতবাসীক ফটফটীয়াকৈ দেখুৱাইছিল।
১৯২৮ খৃষ্টাব্দত তেওঁ ভাৰতবাসীৰ মুক্তি-যুদ্ধৰ সমৰ্থন লাভৰ কাৰণে আমেৰিকা যুক্তৰাজ্যলৈ যায়। তাতো তেওঁৰ কাৰ্যাৱলীয়ে জগতবাসীৰ দৃষ্টি ভাৰতৰ স্বাধীনতা আন্দোলনলৈ আকৰ্ষণ কৰে।
১৯২৪ খৃষ্টাব্দত তেওঁ এবাৰ দক্ষিণ আফ্ৰিকালৈ গৈছিল। তেওঁৰ বিদ্যা-বুদ্ধি, জ্ঞান-গৰিমাৰে তাত থকা ভাৰতবাসী সকলক মুগ্ধ কৰিছিল। তাৰ ফলত তেওঁক ১৯২৯ খৃষ্টাব্দত দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় সকলৰ কংগ্ৰেচৰ বাৰ্ষিক অধিবেশনৰ সভাপতি পাতে। ১৯৩০ খৃষ্টাব্দত আইন অমান্য আন্দোলনৰ তেওঁ এজন নিপুণ যোদ্ধা আছিল। তাত তেওঁৰ সাহস আৰু শক্তি দেখি গোটেই জগতে বিস্ময় মানিছিল।
১৯৩১ খৃষ্টাব্দত ‘লোন-কৰ' আন্দোলনত মহাত্মা গান্ধী আৰু আব্বাচ তৈয়াবজী বন্দী হোৱাৰ পাচত তেওঁৰ ওপৰত সেই