পায়। তেওঁৰ খ্যাতি আৰু প্ৰতিপত্তি দেখি বৃটিছ চৰকাৰে ১৯২০ খৃষ্টাব্দত তেওঁক কাইজাৰ-ই-হিন্দ পদক যাচিছিল। কিন্তু স্বাধীনচিতীয়া সৰোজিনী দেৱীয়ে বিদেশী চৰকাৰৰ সেই সম্মান গ্ৰহণ নকৰিলে।
ৰাজনীতিত যোগ দিয়াৰ আগলৈকে তেওঁ আছিল সমাজৰ সেৱিকা আৰু দেশ-বিদেশত নাম থকা ভাৰতীয় মহিলা কবি। মহাত্মা গান্ধীয়ে তেওঁৰ কবিতাৰ সৌন্দৰ্য্যত মুগ্ধ হৈ তেওঁক নাম দিছিল ‘বুলবুল-ই-হিন্দ’ অৰ্থাৎ হিন্দুস্থানৰ বুলবুলি চৰাই।
মহিয়সী ইংৰাজ মহিল| এনি বেচাণ্টে তেওঁক প্ৰথমে ৰাজনীতি ক্ষেত্ৰত নমায়। এনি বেচাণ্টে ভাৰতত ‘হোমৰূল’ আন্দোলনৰ সৃষ্টি কৰিছিল। তাতো তেওঁ অতি কম সময়ৰ ভিতৰতে প্ৰতিভাৰ পৰিচয় দিয়ে। ১৯১৯ খৃষ্টাব্দত তেওঁ লোকমান্য বাল গঙ্গাধৰ তিলক প্ৰভৃতি জন-নেতা সকলেৰে সৈতে হোমৰূল লীগৰ প্ৰতিনিধি হৈ স্বায়ত্বশাসন লাভৰ চেষ্টাত ইংলণ্ডলৈ যায়। কিন্তু সেই নিয়মাধীন আন্দোলনে ভাৰতবাসীৰ আশা আৰু আকাঙ্ক্ষা পূৰ্ণ কৰিব নোৱাৰাত মনৰ দুখেৰে তেওঁলোক ভাৰতলৈ ঘূৰি আহে।
১৯২০ খৃষ্টাব্দৰ কলিকাতা কংগ্ৰেচত মহাত্মাৰ অসহযোগ আন্দোলনৰ প্ৰস্তাৱ পাচ হয়। সৰোজিনী নাইডুৱে মহাত্মাৰ কথামতে সেই আন্দোলনত যোগ দিয়ে। তেতিয়াৰ পৰা সাতাইশ বছৰ জুৰি হোৱা এই সংগ্ৰামশীল স্বাধীনতা যুদ্ধৰ আদিৰে পৰা অন্তলৈকে তেওঁ আছিল এগৰাকী মহাৰথী।