সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪২
নাৰী-ৰত্ন।

বিভিন্ন আদৰ্শৰ মায়া-জাল ফালি ভাৰতীয়সকলৰ মুক্তি যুদ্ধৰূপ অগ্নি-কুণ্ডত নিৰ্ভয়ে স্বামীৰ লগত জাপ দি পৰিছিল। দক্ষিণ আফ্ৰিকাৰ সত্যাগ্ৰহৰ জননী সতী কস্তুৰু-বাৰ আদৰ্শত অনুপ্ৰাণিত হৈ তাৰ হেজাৰ-বিজাৰ নৰ-নাৰীয়ে উদাৰভাৱে ধন-প্ৰাণ উচৰ্গা কৰিছিল। দক্ষিণ আফ্ৰিকাবাসী আজিও তেওঁৰ গুণ-মুগ্ধ।

 ধন-সম্পত্তি, আ· অলঙ্কাৰ তিৰোতাৰ বৰ প্ৰিয় বস্তু। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিবৰ সময়ত তেওঁৰ সকলো সম্পত্তি আৰু তিৰোতাৰ অলঙ্কাৰ-পাতি তাৰ ভাৰতবাসীসকলৰ কল্যাণৰ কাৰণে উইল কৰি জনদিয়েক মানুহৰ হাতত দি আহে। কস্তুৰু-বাঈ নাৰী-প্ৰকৃতিৰ বশ হৈ নিজৰ হাতৰ বস্তু এৰি আহিবলৈ প্ৰথমে অলপ টান পাইছিল। কিন্তু সেই বুলি স্বামীৰ ইচ্ছাত বিধি পথালি দিয়া নাছিল। ইয়াৰ পৰা তেওঁৰ স্বামীৰ প্ৰতি বিশুদ্ধ অনুৰাগ আৰু ত্যাগী- আত্মাৰ পৰিচয় পোৱা যায়।

 ১৯০৬ খৃষ্টাব্দৰ পৰা তেওঁলোকৰ স্বামী-স্ত্ৰীৰ প্ৰণয় সাংসাৰিক ভাৱৰ পৰা উধাই আধ্যাত্মিক ভাৱলৈ যায়। তেতিয়াৰ পৰা কস্তুৰু-বা স্বামীৰ সহধৰ্মিনী, সাহায্যকাৰিণী সুখ-দুখৰ সঙ্গিনী মাত্ৰ; বাসনা বা কামনাৰ সহচৰী নহয়।

 ১৯১৫ খৃষ্টাব্দত তেওঁলোক দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহে। সেই বছৰতে মহাত্মাই আহম্মদাবাদত সবৰমতী আশ্ৰম পাতে। পোন প্ৰথমতে মতাই-তিৰোতাই এই আশ্ৰমৰ