গান্ধীজীয়ে পত্নীক হিন্দুৰ আদৰ্শ পত্নীৰূপে গঢ়ি লবলৈ জীৱনৰ আৰম্ভৰে পৰা যত্ন কৰিছিল। তাৰ ফলত তেওঁলোকে পবিত্র জীৱন কটাবলৈ আৰু পত্নীক তেওঁৰ আদৰ্শৰ অনুগামী কৰিবলৈ সমৰ্থ হৈছিল।
১৮৮৮ খৃষ্টাব্দত তেওঁলোকৰ প্ৰথম পুত্ৰৰ জন্ম হয় । সেই বছৰতে গান্ধীজীয়ে মেট্রিক পাচ কৰি বাৰিষ্টাৰী পঢ়িবৰ কাৰণে বিলাতলৈ যায়। তাত তিনি বছৰ পঢ়ি তেওঁ বাৰিষ্টাৰ হৈ আহি বোম্বাই আৰু ৰাজকোটত কিছুদিন ওকালতি কৰে। গোড়া হিন্দুৰ অশিক্ষিতা কন্য৷ কস্তুৰু-বাঈ বাৰিষ্টাৰ-পত্নী ৰূপে খোৱা-লোৱা, পিন্ধা-উৰা, থকা-মিলাৰ বহুতো সৰু কালৰ অভ্যাস এৰিব লগীয়া হৈছিল। স্বামীৰ প্ৰীতিৰ কাৰণে তেওঁ সেইবোৰ অকাতৰে এৰি নতুনক সাবটি ধৰিছিল। তেওঁলোকৰ বৰ মিল আছিল ৷ কেতিয়াবা যে দন্দ-হাই নালাগিছিল এনে নহয়; কিন্তু সেইবোৰ দন্দে তেওঁলোকৰ প্ৰণয়ৰ মৰিচা গুচাই উজ্জ্বল হে কৰিছিল। গান্ধীজীয়ে তেওঁৰ আত্মচৰিত্ৰত লিখিছে— “কস্তুৰু-বাৰ অসীম ধৈৰ্য্য আৰু অতুলনীয় সহনশীলতাৰ ফলত আমাৰ হাই-দন্দ লাগিলে সদায় তেওঁহে জিকিছিল।”
১৮৯৩ খৃষ্টাব্দত এটা মোকৰ্দ্দমাৰ বাৰিষ্টাৰ ৰূপে গান্ধীজী দক্ষিণ আফ্ৰিকালৈ যায়। তেওঁৰ চেষ্টাত মোকৰ্দ্দমাটো মিটমাট, হয়। গান্ধীজীৰ বুদ্ধি-কৌশল আৰু কাৰ্য্য-প্ৰণালী দেখি তাৰ ভাৰতীয় মানুহবোৰে তেওঁক বৰ ভাল পায়। তেওঁলোকে তেওঁক তাতে প্রেক্তিচ কৰিবলৈ অনুৰোধ কৰে। তেওঁলোকৰ