তেওঁৰ মনত প্ৰাচীন যুগৰ তাপসীসকলৰ দৰে শাস্ত্ৰত সুপণ্ডিত হোৱাৰ অভিলাষ জন্মে। ভগবানে তেওঁৰ সেই হাবিয়াস পূৰ্ণ কৰায়।
অধ্যয়ন শেষ কৰি সমাজত প্ৰতিষ্ঠা লাভৰ কাৰণে দেশ- ভ্ৰমণ কৰা ভাৰতীয় পণ্ডিতসকলৰ প্ৰাচীন ৰীতি আছিল। সেই ৰীতিমতে তেৱোঁ দেশভ্ৰমণৰ কাৰণে ওলায়। তেওঁ ভাৰতৰ সকলো প্ৰদেশৰ পণ্ডিতসকলৰ লগত শাস্ত্ৰৰ আলোচনা কৰিছিল। সেই উদ্দেশ্যে তেওঁ আমাৰ গুৱাহাটীলৈকো আহিছিল। সেই সময়ৰ কামৰূপৰ বিখ্যাত পণ্ডিত সোণাপতি দেৱশৰ্ম্মা উপাধ্যায়, ভাগৱত ৰত্ন (প্ৰচলিত নাম দাহুদীয়া দেউ), গুৱাহাটী নৰ্ম্মাল স্কুলৰ সংস্কৃত অধ্যাপক ৺নাৰায়ণচন্দ্ৰ শৰ্ম্মা বিদ্যাভূষণ, আৰু অসম গৌৰৱ মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য কবিৰত্নকে আদি কৰি পণ্ডিতসকলৰ লগত শাস্ত্ৰ আলোচনা কৰিছিল। কামৰূপীয়া পণ্ডিতসকলে ভাগৱত শাস্ত্ৰত ৰমাবাঈৰ গভীৰ জ্ঞান দেখি সকলোৱে একেমুখে প্ৰশংসা কৰিছিল। বঙ্গদেশতো বিখ্যাত পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰকে আদি কৰি নবদ্বীপৰ অনেক ডাঙৰ ডাঙৰ পণ্ডিতৰ লগত তেওঁ হিন্দু-ধৰ্ম্ম-শাস্ত্ৰ সম্পৰ্কে গভীৰ আলোচনা কৰিছিল। তেওঁলোকে ৰমাবাঈৰ প্ৰতিভা দেখি তেওঁক ‘সৰস্বতী' উপাধি দিছিল।
তেওঁ সকলো ঠাইতে কৈ ফুৰিছিল যে, “হিন্দুৰ ছোৱালীবোৰক সৰুতে বিয়া দিয়া ৰীতি এৰিব লাগে। তেওঁলোকক উপযুক্ত শিক্ষা দিব লাগে। তেওঁলোকৰ মনত হিন্দুত্ব জগাই