চুলতানা জাহান বেগমে অভিজাত বংশৰ লৰা-ছোৱালীৰ
শিক্ষাৰ কাৰণে ৰাজধানীত দুখন স্কুল পাতিছিল। লৰাৰ বাবে
পতাখনৰ নাম ‘আলেকজেন্দ্রিয়া নোবলচ' আৰু ছোৱালীৰ বাবে
পতাখনৰ নাম ‘মাদ্রাচা চুলেমানিয়া, সৰ্ব্বসাধাৰণৰ লৰা-ছোৱালীৰ
শিক্ষাৰ কাৰণে তেওঁ আন অনেক স্কুল পাতি দিয়ে।
বুঢ়ীমাকৰ আৰ্হি লৈ নবাব জাহান বেগমো হজলৈ গৈছিল। ইংৰাজ চৰকাৰ আৰু তুর্কী চৰকাৰেও বেগমৰ নিৰাপদ ভ্ৰমণৰ কাৰণে বুঢ়ী মাকৰ দৰে যথেষ্ট যত্ন লৈছিল ৷ কিন্তু তিমানতো বেদুইনবিলাকে বেগমৰ দলক আক্ৰমণ কৰিছিল। সিহঁতৰ আক্ৰমণত বেগমৰ বহুতো সহচৰ আৰু সহচৰীৰ প্ৰাণ যায় ৷ আন কি বেগমৰ পাল্কীৰ পৰ্দা ফালি বন্দুক গুলী সোমাইছিল। সৌভাগ্য গুণে বেগমৰ গাত নালাগিল ।
প্রথম মহাৰণত বেগমে ইংৰাজক নানা প্ৰকাৰে সহায় কৰিছিল। সেই উপকাৰৰ শলাগ লৈ চৰকাৰে তেওঁক U. C. S. I. and Imperial Order of the Crown of India এই দুটা উপাধিৰে ভূষিত কৰিছিল।
ডিউক অব উইণ্ডচৰে যুবৰাজ ৰূপে যেতিয়া ভাৰত ভ্ৰমণ কৰে, তেতিয়া তেওঁ ভূপাললৈকো গৈছিল। সেই উপলক্ষে ভূপাল নগৰ ইন্দ্ৰৰ অমৰাৱতীৰ দৰে অতি জাক্-জকৈ সজোৱা হৈছিল। বেগমৰ পৰ্দ্দা দিয়া গাৰী আৰু যুবৰাজৰ গাৰী যেতিয়া নগৰৰ মাজেৰে গৈছিল, তেতিয়া ৰাজভক্ত প্ৰজাৰ হৰ্ষ ধ্বনিৰে ভূপাল নগৰী মুখৰিত হৈছিল ।