অধিকাৰ আছিল । তেওঁ ভূপাল ৰাজ্যৰ কেবাখনো বুৰঞ্জী লিখি থৈ গৈছে। সেই বুৰঞ্জী কেইখন বৰ্ত্তমানৰ বুৰঞ্জী জনা লোক- সকলৰ বৰ আদৰৰ বস্তু। তেওঁৰ সহায় আৰু উৎসাহ পাই কেবাজনো সাহিত্যিক আৰু বুৰঞ্জীবিদ লোকে তেওঁৰ দৰবাৰৰ শোভা বঢ়াইছিল।
এওঁৰো গিৰিয়েকৰ লগত ভাল ভাৱ নাছিল। আন কি গিৰিয়েকে এওঁক তালাক দিয়াৰো ভয় দেখুৱাইছিল। এনে মাননীয়া আৰু ৰাজবংশৰ মহিলা এগৰাকীক অপমান কৰে বুলি ভয় কৰি ৰাজ্যৰ ডাঙৰীয়া সকলে মিলি তেওঁৰ স্বামীক বন্দী কৰি ৰাখিছিল। চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ কেইমাহ মানৰ আগতে তেওঁলোকৰ এজনী ছোৱালী হৈছিল। তেৱেঁই বেগমৰ একমাত্ৰ সন্তান । তেওঁৰ নাম ৰাখিছিল জাহান বেগম। তেওঁকে ৰাজ্যৰ উত্তৰাধিকাৰিণী কৰি নবাব চাহজাহান বেগমে মহাৰাণী ভিক্তোৰিয়াৰ মৃত্যুৰ কেইদিনমানৰ আগতে ১৯০১ খৃষ্টাব্দত পৰলোক প্রাপ্ত হয়।
(৪) নবাব চুলতানা বেগম।
চাহজাহান বেগমৰ পাচত জীয়েক নবাব পদত অভিষিক্ত হয় ৷ এই গৰাকী বেগমে সৰুতে বৰ সুন্দৰ শিক্ষা পাইছিল। বুঢ়ীমাক নবাব চিকন্দৰ বেগমে তেওঁক বৰ মৰম কৰিছিল আৰু তেওঁৰ শিক্ষাৰ প্ৰতি তীব্র দৃষ্টি ৰাখিছিল। বেগমৰ দৈনিক কাৰ্য্যতালিকা