সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
ভূপালৰ বেগম সকল।

মক্কালৈ গৈছিল। ভাৰতৰ শাসনকৰ্ত্ত| সকলৰ ভিতৰত তেঁৱেই প্ৰথম হজ-যাত্ৰী। বৃটিছ চৰকাৰে বেগমক এখন সুকীয়া জাহাজ দিছিল। আৰবত ভৰি দিয়া মাত্ৰকে তুৰ্কী চৰকাৰৰ প্ৰতিনিধিয়ে তেওঁক সসন্মানে আদৰি নিছিল। বেগমে সকলোৰে সহযোগত মছলমানৰ অতি পবিত্ৰ অথচ তিৰোতাৰ কাৰণে অতি দুষ্কৰ হজৰ সকলো ক্ৰিয়া নিৰাপদে শেষ কৰি নিজৰ ৰাজ্যলৈ ঘূৰি. আহিল। তাৰ পাচতো তেওঁ বছৰচেৰেক ৰাজ্য শাসন কৰিছিল। ১৮৬৮ খৃষ্টাব্দত এই গৰাকী তেজস্বিনী নাৰীয়ে সকলো প্ৰজাক কন্দুৱাই ইহলীলা সামৰে। তেওঁৰ মৃত্যুৰ বাতৰি পাই ভাৰতৰ ৰাজ-প্ৰতিনিধিয়ে ততালিকে তেওঁ নিজাকৈ আৰু বৃটিছ চৰকাৰৰ হৈ গভীৰ শোক প্ৰকাশ কৰি ভূপালৰ ভবিষ্যত নবাবলৈ তাঁৰ কৰে।


(৩) নবাব চুলতান চাহজাহান বেগম।

 চিকন্দৰ বেগম ঢুকোৱাত তেওঁৰ জীয়েক চাহজাহান বেগম নবাব পদত অভিষিক্ত হয় আৰু ভূপালৰ সিংহাসনত উঠে। এওঁ তেত্ৰিশ বছৰ ভূপাল ৰাজ্য শাসন কৰিছিল৷ মাকৰ দৰে এৱোঁ এগৰাকী সুদক্ষ শাসনকৰ্ত্ৰী আছিল। এওঁৰ শাসনতো প্ৰজা সন্তুষ্ট হয়; তেওঁলোকৰ সুখ-সমৃদ্ধি বাঢ়ে আৰু শিক্ষা প্ৰসাৰ হয়। এওঁ বিশেষকৈ স্ত্ৰী-শিক্ষা প্ৰসাৰত বেচি উৎসাহ দিছিল। এওঁৰ ৰাজত্বকালতেই ভূপাল ৰাজ্যত প্ৰথমে ৰেল লাইন পতা হয়।

 চাহজাহান বেগম এগৰাকী ওখ খাপৰ সাহিত্যিক আৰু বুৰঞ্জীবিদ্‌ আছিল বুলি খ্যাতি আছে। কেবাটাও ভাষাত তেওঁৰ