সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
ভূপালৰ বেগম সকল।

উৰ্ব্বৰা শক্তি অনুসৰি তাৰ নানা বিভাগ কৰালে। তালৈ মন কৰি আৰু উৎপন্ন শস্য বেচা-কিনাৰ সুবিধা-অসুবিধালৈ চাই ৰাজহৰ হাৰ বান্ধিলে। ৰাজ্যৰ প্ৰধান প্ৰধান ঠাইবোৰ আহল- বহল আলিবাটেৰে সংযোগ কৰি অহা-যোৱা কৰাৰ সুবিধা কৰালে ৷ স্বাস্থ্য বিভাগ নাম দি নতুনকৈ এটা বিভাগ খুলিলে ;- আৰু সেই বিভাগৰ বিষয়া সকলক ৰাজ্যৰ সকলো ঠাইলৈকে পঠিয়াই প্ৰজাৰ স্বাস্থ্যোন্নতিৰ দিহা লগালে ৷ দেশৰ মানুহৰ প্রবল বাধা-নিষেধ উলাই কৰি বালিকা স্কুল পাতিলে । নগৰত খোৱা-পানী যোগোৱাৰ আগতকৈ ভাল ব্যৱস্থা কৰিলে; ৰাতি ঠায়ে ঠায়ে চাকি জ্বলাই গোটেই নগৰ পোহৰ কৰি চোৰ- ডকাইতৰ অসুবিধা কৰিলে। বিচাৰ বিভাগ সংস্কাৰ কৰি সুখী- দুখী, ধনী-নিধন আৰু সৰু ডাঙৰে সমান বিচাৰ পোৱাৰ দিহা লগালে। ভাৰতৰ ভিতৰত নবাব চিকন্দৰ বেগমেই প্ৰথমে খেতিয়কক খেতি কৰিবলৈ ৰাজ ভঁৰালৰ পৰা টকা ধাৰে দিয়াৰ নিয়ম কৰে। প্ৰজাই সামান্য সুত দিয়েই খেতি কৰিবলৈ টকা ধাৰে পোৱা হল। দয়াৱতী বেগমৰ এইবোৰ কাৰ্য্য দেখি প্ৰজাই তেওঁক মাকৰ দৰে শ্ৰদ্ধা-ভক্তি কৰিছিল। তেওঁলোকে তিৰোতা নবাবৰ কাৰ্য্য দেখি পুৰুষ নবাব নিবিচৰা হল ৷

 ১৮৫৯ খৃষ্টাব্দলৈকে চিকন্দৰ বেগমে জীয়েকৰ প্ৰতিনিধি ৰূপে ভূপাল ৰাজ্য শাসন কৰিছিল। ১৮৫৯ খৃষ্টাব্দত তেওঁ বৃটিছ চৰকাৰক জনালে যে, তেওঁ কুদচিয়া বেগমৰ এক মাত্ৰ সন্তান । গতিকে তেঁৱেইহে ৰাজ্যৰ প্ৰকৃত অধিকাৰী, দেশীয়