সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কুদচিয়া বেগমৰ এই মহান স্বাৰ্থত্যাগ মন কৰিবলগীয়া। কিয়নো তেওঁ জীয়াই থকা কালত ভূপাল ৰাজ্যত তেওঁৰ সম্পূৰ্ণ দাবী আছিল। গিৰিয়েক ঢুকোৱাত তেওঁৰ সেই দাবী দৃঢ়হে হৈছিল। যিবয়সত তেওঁ বিধবা হৈছিল, সেই বয়সত তেওঁক একেবাৰে তৰুণী বুলিব পাৰি। গতিকে তেওঁ পুনৰ বিয়া-বাৰু কৰাই ৰাজপদ আৰু সংসাৰ-মুখ উভয়কে ভোগ কৰিব পাৰিলেহেঁতেন। তিমানতো বেগমে জীয়েকৰ সুখ আৰু ৰাজ্যৰ ভালৰ কাৰণে নিজৰ সকলো সুখকে জলাঞ্জলি দি ৰাজ্য শাসনৰ দিহা লগাইছিল।

 সেই সময়ত ভাৰতীয় প্ৰজাৰ মন ধুমুহাত ঢৌ উঠ৷ সাগৰৰ দৰে অস্থিৰ। ইংৰাজৰ শাসনত ভাৰতৰ ৰজা-প্ৰজা বেচি ভাগেই অসন্তুষ্ট। সিহঁতে নানা দেশৰ স্বাধীনতা হৰণ কৰি, নানা লোকৰ প্ৰভুত্ব নাশ কৰি মানুহৰ মন বিষাদ আৰু অসন্তোষেৰে ভৰাই পেলাইছিল। সৰ্ব্বগ্ৰাসী ইংৰাজৰ একচেতীয়া শাসনত পূৰ্ব্বৰ ৰীতি-নীতিৰ অনেক পৰিবৰ্ত্তন হোৱা দেখি স্বভাৱতে ৰক্ষণশীল ভাৰতবাসীৰ মনত উৰ্ম্মি উঠিছিল। ইংৰাজৰ এনে সঙ্কট কালত সিহঁতৰ তলতীয়া ৰাজ্য এখনৰ শাসনভাৰ এজনী তিৰোতাৰ হাতত থকাটো মুঠেই পছন্দ নকৰিলে। ভূপাল ৰাজ্যৰ ডাঙৰীয়া সকলেও সিহঁতৰ মততে হয় দিলে। সকলোৱে একেমুখে কবলৈ ধৰিলে যে, এনে আপদত ৰাজ্যৰ শাসনভাৰ এজন দৃঢ় মনৰ তেজস্বী পুৰুষৰ হাতত থাকিব লাগে। আটাইৰে তেনে ভাৱ দেখি বেগমে জোঁৱায়েকক শাসন ভাৰ দিলে।