ভূপালৰ বেগম সকল।
১৮২৯ খৃষ্টাব্দৰ পৰা প্ৰায় এশ বছৰকাল এই ৰাজ্য নাৰীৰ শাসনাধীন হৈ আছিল। একাদিক্ৰমে চাৰি গৰাকী মহিলাই এই ৰাজ্য এশ বছৰ শাসন কৰিছিল। তেওঁলোকৰ শাসনকাল ভূপালৰ আধুনিক অগ্ৰগতিৰ এটা সুবৰ্ণ যুগ। বৰ্ত্তমান ভূপাল ৰাজ্যৰ শিক্ষা-সম্পদ, শান্তি-শৃঙ্খলা সকলোৰে মুলত নাৰী শাসনকৰ্ত্ৰী সকলৰ সেৱাৰ মহিমা বিৰাজ কৰিছে বুলি কলে বঢ়াই কোৱা নহব। সেই শাসনকৰ্ত্ৰী সকলৰ চমু জীৱন-কাহিনী তলত দিয়া
(১) কুদচিয়া বেগম।
দোস্ত মহম্মদ খাঁৰ মাত্ৰ এজনী ছোৱালী। তেওঁৰ নাম কুদচিয়া বেগম। তেওঁক ভূপালৰ প্ৰধান মন্ত্ৰী নাজিৰ মহম্মদ খাঁ লৈ বিয়া দিছিল। তেওঁৰ গিৰিয়েক এজন বুদ্ধিমান, কামিলা আৰু সৎ চৰিত্ৰৰ পুৰুষ আছিল। বাপেক মৰাত কুদচিয়া বেগম ভূপাল ৰাজ্যৰ উত্তৰাধিকাৰিণী হয়। গিৰিয়েক নাজিৰ মহম্মদ খাই তেওঁৰ প্ৰতিনিধিৰূপে ভূপাল শাসন কৰিছিল৷ কিন্তু দুখৰ বিষয় তেওঁৰ অকাল-মৃত্যু ঘটে।
কুদচিয়া বেগম তেতিয়া সোতৰ বছৰীয়া গাভৰু। তেওঁৰ মুঠে ছোৱালী এজনী হৈছিল। বেগমে এই ছোৱালীজনীৰ ভালৰ কাৰণে সংসাৰ মুখলৈ পিঠি দিলে। তেওঁ কেচুৱা কালতে, ছোৱালীজনী স্বামীৰ ভতিজাক জাহাঙ্গীৰ মহম্মদ খাঁলৈ বিয়া দিম বুলি ঠিকঠাক কৰি জোঁৱায়েকক ভূপাল ৰাজ্য শাসন কৰিবলৈ দিয়ে।