ভুপালৰ বেগম সকল।
মধ্য ভাৰতৰ মালৱ মালভূমিত ভূপাল ৰাজ্য বহুকাল আগৰেপৰা এই ৰাজ্য বুৰঞ্জী-বিখ্যাত। ভিন্ ভিন্ যুগৰ বিবিধ শিল্প-কল৷ আৰু শাসনকৰ্ত্তাসকলৰ গৌৰৱ কাহিনীয়ে এই ৰাজ্যৰ নাম উজ্জ্বল কৰি ৰাখিছে। প্রায় এহেজাৰ বছৰ কাল এই ৰাজ্য হিন্দু ৰজাৰ শাসনাধীনত আছিল। এসময়ত ভূপাল নগৰ প্ৰসিদ্ধ ভোজ ৰজাৰ ৰাজধানী আছিল। তেওঁৰ নামেৰে এই নগৰৰ নাম ভোজ-পাল হয়। কালক্ৰমত এই নামেই ৰূপান্তৰিত হৈ বৰ্ত্তমানৰ ভূপাল নাম পাইছে। মহাৰাণী দুর্গাৱতী, ৰাণী কমলাৱতী প্ৰভৃতি বীৰ-নাৰী সকলে এই ৰাজ্যৰে অতীত উজ্জ্বল কৰি ৰাখিছে। হিন্দুযুগৰ বিবিধ শিল্প-কলাৰ কেন্দ্ৰ, মহাৰাজ হৰ্ষবৰ্দ্ধনৰ দ্বিতীয় ৰাজধানী উজ্জয়িনী নগৰ এই ৰাজ্যৰ ভিতৰতে। বৌদ্ধযুগৰ শিল্প-কলাৰ বিৰাট কীৰ্ত্তি সাঁচীৰ স্তূপ এই ৰাজ্যৰ অন্তৰ্গত ।
বৰ্ত্তমান এই ৰাজ্য মছলমান ৰজাৰ শাসনাধীন। ভাৰতৰ মছলমান দেশীয় ৰাজ্যবোৰৰ ভিতৰত ইয়াৰ স্থান দ্বিতীয়। ইয়াৰ মাটিকালি সাত হাজাৰ বৰ্গমাইল; লোক সংখ্যা প্রায় আঠ লাখ। ওঠৰ শতিকাৰ শেষ ভাগত দোস্ত মহম্মদ খাঁ নামে এজন আফগান বীৰে প্ৰথমে এই ৰাজ্য মছলমানৰ শাসনাধীন কৰে। তেৱেঁই বৰ্ত্তমান ভূপালৰ নবাব বংশৰ আদি পুৰুষ ৷