সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৮]

সদুপদেশ দি উপকৃত কৰিছে। তেখেতলৈ যোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 পাঠক সকলহে কিতাপৰ প্ৰকৃত পৰীক্ষক। যদি মোৰ কিতাপে পাঠক সকলৰ সমাদৰ পায় আৰু তেওঁলোক কিঞ্চিৎ পৰিমাণেও লাভবান হয়, তেন্তে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। সামৰণিত মোৰ ভুল-ভ্ৰান্তিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা কৰি সংশোধনৰ বাবে ভুলবোৰ আঙুলিয়াই দেখুৱাবলৈ প্ৰাৰ্থনা জনাই এইবাৰলৈ সামৰণি মাৰিলোঁ।

 অসমৰ শিক্ষা বিভাগৰ ডাইৰেক্তৰ শ্ৰদ্ধাস্পদ শ্রীযুক্ত উমাকান্ত গোস্বামী এম, এ দেৱে দয়া কৰি কিতাপখনৰ ভূমিকা লিখি দিয়াত কিতাপখনৰ সৌষ্ঠৱ নিশ্চয় বাঢ়িছে। তেখেতৰ সেই মৰমৰ বান্ধে মোক চিৰকাল বন্দী কৰি ৰাখিব ।

বিনীত
শ্রীকাশী নাথ বর্ম্মণ