সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
মহাৰাণী স্বৰ্ণময়ী

নিয়মিত সাহায্য দি আছিল। হঠাৎ চৰকাৰে সেই সাহায্য বন্ধ কৰে। কলেজখন প্ৰায় উঠি যাবলগীয়া হয়। তেতিয়া ৰাণীয়ে সাহায্য কৰি সেই অপূৰ্ব্ব অনুষ্ঠান ৰক্ষা কৰে।

 আগেয়ে বহমপুৰত পানী-কল নাছিল। মানুহে বেয়া পানী খাই বিবিধ ৰোগত ভুগিছিল। ৰাণীয়ে তাত পানী-কল বহুৱাবলৈ মন কৰে আৰু তাৰ সমস্ত খৰচ বহন কৰিবলৈ গাত লয়। দুখৰ বিষয় এই কাম হৈ উঠাৰ আগতে ৰাণীৰ মৃত্যু হয়। কিন্তু তেওঁৰ উত্তৰাধিকাৰী মহাৰাজ মনীন্দ্ৰ নন্দীয়ে পাচত আকৌ তিনি লাখ টকা খৰচ কৰি সেই পবিত্ৰ কাম সম্পূৰ্ণ কৰে।

 ইয়াৰ উপৰিও কলিকাতাৰ প্ৰায় আটাইবোৰ দাতব্য চিকিৎসালয়েই ৰাণীৰ দানেৰে পুষ্ট হৈছিল। বঙ্গদেশৰ অনেক স্কুলে ৰাণীৰ পৰা নিয়মিত সাহায্য পাইছিল।

 ১৮৯৭ খৃষ্টাব্দত এই গৰাকী দয়াৱতী ৰাণীৰ মৃত্যু হয়। দানবীৰ মহাৰাজ মনীন্দ্ৰ নন্দী ৰাণীৰ ভাগিণীয়েক।