সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
নাৰী-ৰত্ন।

খৰচ কৰা নাছিল। সম্পত্তিৰ আয়েৰে প্ৰজাৰ হিত আৰু দান-ধৰ্ম্ম কৰাই তেওঁৰ জীৱনৰ ব্ৰত আছিল । তেওঁৰ এই দুটা গুণত মুগ্ধ হৈ ইংৰাজ চৰকাৰে তেওঁক মহাৰাণী উপাধিৰে ভূষিত কৰিছিল।

 তেওঁৰ দানৰ কথা কৈ অন্ত কৰিব নোৱাৰি। মুঠতে ইয়াকে কলে হব যে, তেওঁৰ সহায় খুজি কোনো কেতিয়াও বিমুখ হোৱা নাই ৷

 ১৮৭৪ খৃষ্টাব্দত বঙ্গদেশত এটা আকাল হয় । ৰাণীয়ে সেই আকালত পৰা মানুহবোৰৰ সহায়ৰ কাৰণে একলাখ দহ হেজাৰ টকা দান কৰে। ১৮৭৬ খৃষ্টাব্দত কলিকাতা আৰু মুৰ্চিদাবাদত মানুহৰ খাদ্যৰ অভাব ঘটে। ৰাণীয়ে কলিকাতাৰ কাৰণে আঠ হেজাৰ আৰু মুৰ্চিদাবাদৰ কাৰণে দহ হেজাৰ টকা দান কৰে । ১৮৭৭ খৃষ্টাব্দত মাদ্রাজ প্রদেশত আকাল হয় ৷ সেই কথা শুনি ৰাণীয়ে তালৈ দহ হেজাৰ টকা পঠিয়ায়। এইৰূপে দৰিদ্ৰ- নাৰায়ণৰ সেৱাত ৰাণীয়ে চাৰি লাখ টকা দান কৰে ৷

 কলিকাতা মেডিকেল কলেজত ছাত্রী সংখ্যা কম কাৰণে চৰকাৰে তেওঁলোকৰ থকা-মেলাৰ একো দিহা কৰা নাছিল। ৰাণীয়ে তেওঁলোকৰ বাবে বোর্ডিং সজাবলৈ এক লাখ টকা দিয়ে ।

 স্বামীৰ সোৱঁৰণি ৰখাৰ ইচ্ছাৰে তেওঁ বহৰমপুৰত ‘কৃষ্ণনাথ’ কলেজ' নাম দি মাটি-বাৰী, ঘৰ-দুৱাৰৰ সকলো খৰচ বহন কৰি এখন কলেজ পাতিছিল ৷ ইংৰাজ চৰকাৰে এই কলেজক বছৰি