পাচলৈ ঘটনাই অন্যৰূপ লোৱাত নবাবৰ পতন হয়।
ইংৰাজবোৰেই বঙ্গদেশৰ গৰাকী হয়। নবাবৰ বন্দী হেষ্টিংচেই
বৃটিছ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলৰ পদ পায়। সেইবোৰ
বুৰঞ্জীৰ কথা। এই প্ৰসঙ্গত অনাৱশ্যক।
হেষ্টিংচে শাসনকৰ্ত্তাৰ পদ পায়ো কান্ত মুদৈৰ উপকাৰ পাহৰিব পৰা নাছিল। তেওঁ প্ৰাণৰ প্ৰতিদান স্বৰূপে কান্ত মুদৈক ৰংপুৰ, বৰহৰ প্ৰভৃতি কেবাখনো জিলাত বহুতো মাটি-বাৰী দি ৰজা উপাধি দিয়ে। তেতিয়াৰ পৰা কান্ত মুদৈ ৰজা ৰমাকান্ত নন্দী নামে জনাজাত হয়।
ৰজা ৰমাকান্তৰ নাতিৰ পুতেক কৃষ্ণনাথ নন্দী। তেওঁৰ পত্নীৰ নাম স্বৰ্ণময়ী। এওঁ বৰ্দ্ধমান জিলাৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীয়াৰী। ১৮৩৫ খৃষ্টাব্দত এঘাৰ বছৰ বয়সত্ এওঁৰ কৃষ্ণনাথ নন্দীৰ লগত বিয়া হয়। দুখীয়াৰ ছোৱালী ৰজাঘৰলৈ পৰিল। এইটো সৌভাগ্যৰ কথা। কিন্তু এই সৌভাগ্য তেওঁৰ সৰহদিন নিটিকিল। ১৮৪১ খৃষ্টাব্দত সোতৰ বছৰীয়া ৰাণীক এৰি কৃষ্ণনাথ অকালতে ঢুকায়। তেওঁলোকৰ দুজনী ছোৱালী হৈছিল; সিহঁতো নিচেই কেচুৱা কালতে মৰে।
গিৰিয়েক ঢুকোৱাত তেওঁৰ বিপুল সম্পত্তি চলোৱাৰ ভাব তেওঁৰ নিঃসন্তান বিধবা পত্নী স্বৰ্ণময়ীৰ ওপৰত পৰে। এই ভাৰ তেওঁ সুদীৰ্ঘ পঞ্চাশ বছৰ বহন কৰিছিল। এই সুদীৰ্ঘ কালত স্বামীৰ সম্পত্তিৰ অতি ক্ষুদ্ৰ অংশও নষ্ট হোৱা নাছিল আৰু সম্পত্তিৰ আয়ৰ পাই এটিও তেওঁৰ ভোগ-সুখৰ কাৰণে