মহাৰাণী স্বৰ্ণময়ী।
ইংৰাজবোৰ প্ৰথমে ভাৰতলৈ বেপাৰ কৰিবলৈহে আহিছিল। বৰ্ত্তমান কলিকাতাৰ ওচৰৰ কাচিমবজাৰত সিহঁতৰ এটা কুঠি আছিল। সেই কুঠিত আশ্ৰয় লৈয়েই ইংৰাজে ভাৰতত ৰাজ্য পাতে। গতিকে কাচিমবজাৰৰ কুঠিৰ কথা ভাৰত-বুৰঞ্জীত অমৰ হৈ থাকিব।
কৃষ্ণকান্ত নামেৰে এজন বঙ্গালী মুদৈ কাচিমবজাৰ কুঠিৰ ইংৰাজবোৰৰ দোৱনীয়া আছিল। সিহঁতে তেওঁক ‘কান্তবাবু’ বুলি মাতিছিল। ১৭৫২ খৃষ্টাব্দত ওৱাৰেণ হেষ্টিংচ কাচিমবজাৰ কুঠিৰ অধ্যক্ষ হৈ আছে। তেওঁৰ মইমতালি আৰু কাম কাজ দেখি বঙ্গদেশৰ নবাব চিৰাজুদ্দৌলা কুপিত হয়। ১৭৫৬ খৃষ্টাব্দত তেওঁ ওৱাৰেণ হেষ্টিংচক ধৰি বান্ধি নি মুৰ্চিদাৱাদত বন্দী কৰি থয়। নবাবৰ সৈন্যই কুঠি দখল কৰে। তাত থক৷ ইংৰাজবোৰে প্ৰাণৰ ভয়ত পলাই বঙ্গোপসাগৰৰ দাঁতিত থকা 'পলতা' নামে ঠাইভ লুকাই থাকেগৈ।
এই ঘটনাত বিবি হেষ্টিংচ অতিশয় আকুল হয়। তেওঁ কান্দি- কাটি মুৰ্চিদাবাদলৈ গৈ স্বামীৰ মুক্তিৰ কাৰণে নবাবৰ মাক আমিনা বেগমৰ হাতে-ভৰিয়ে ধৰেগৈ। বেগমে এজনী নিৰাশ্ৰয়া বিদেশী ৰমণীৰ দুঃখ সহিব নোৱাৰি হেষ্টিংচক মোকোলাই পলুৱাই পঠিয়ায়। নবাবৰ ভয়ত হেষ্টিংচ পলাই আহি কান্ত মুদৈৰ ঘৰত ওলায়হি। মুদৈয়ে হেষ্টিংচক সৰিয়হৰ ডুলিত লুকাই ৰাখে।