সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
নাৰী-ৰত্ন।

জনাৰ যে, “মই এগাল টকা দি নদী ডাকি লৈছোঁ। নদীৰে জাহাজ আহি গৈ থাকিলে মাছবোৰ ওলাই যায়। গতিকে মই মাছ ওলাই যোৱা বাট বন্ধ কৰিছোঁ আৰু তাকে কৰিবৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে।”

 ৰাণীৰ কথাৰ তেজ আৰু যুক্তিৰ গভীৰতা দেখি চৰকাৰে বিস্ময় মানিলে; নিৰুপায় হৈ জল-কৰকে ৰেহাই দিলে।

 ৰাসমণিৰ ব্যৱসায় বুদ্ধিও অতি অসাধাৰণ আছিল। চিপাহী বিদ্ৰোহৰ সময়ত ইংৰাজৰ ৰাজ্য নাথাকিব বুলি ভয় কৰি কলিকাতাৰ ধনীলোকসকলে পানীৰ মূল্যতে কোম্পানীৰ কাকতবোৰ বিক্ৰী কৰিছিল। ৰাণীয়ে সেই ছেগতে বহু লাখ টকাৰ কোম্পানীৰ কাকত কিনি ৰাখে। পাচত সেই কাকতবোৰ বেচি অজস্ৰ টকা লাভ পায়।

 ৰাসমণিৰ সাহস আৰু মনোবলো অসীম আছিল। চিপাহী বিদ্ৰোহৰ সময়ত কেইজনমান উন্মত্ত গোড়া সৈন্যই তেওঁৰ ঘৰত সোমাই বহু টকাৰ সম্পত্তি নষ্ট কৰে আৰু তেওঁৰ চাকৰ এটাক কাটি দুছোৱা কৰে। সেই ভয়তে তেওঁৰ ঘৰৰ চাকৰ- ভাণ্ডাৰি আটাইবোৰ পলায়। সেই দুৰ্য্যোগত ৰাসমণিয়ে হাতত তৰোৱাল লৈ অকলে দিনে-ৰাতি ঘৰ পহৰা দিছিল।

 দক্ষিণেশ্বৰ কালী-মন্দিৰ ৰাসমণিৰ এটা অতি পবিত্ৰ কীৰ্ত্তি। ৰাসমণিয়ে অপাৰ ধন ভাঙি তাত বহুতো মন্দিৰ সজায়। এই ঠাই কলিকাতাৰ ছয় মাইল উত্তৰে গঙ্গা নদীৰ পাৰত। মন্দিৰ, অতিথিশালা, বাসৰ ঘৰ প্ৰভৃতিৰে তাক এখন সৰু সুৰা নগৰ