তৃতীয় সংস্কৰণত লিখকৰ কথা।
নাৰী-ৰত্ন প্ৰথম আৰু দ্বিতীয় সংস্কৰণ দহ-বাৰ বছৰ আগতে হৈ গল। তাত কিছু কথা ভুলকৈ প্ৰকাশ হৈছিল আৰু তাৰ ভাষাও কটুৰ আছিল । এইবাৰ সেই ভুলবোৰ সংশোধন কৰা হৈছে আৰু ভাষাও সহজ-সৰল আৰু নিভাঁজ কৰিবলৈ যত্ন কৰা হৈছে । এইবাৰ কিতাপখন নতুনকৈ লিখা যেন হল ।
তদুপৰি এইবাৰ সোতৰটা নতুন চৰিত্ৰ সংযোগ কৰা হৈছে ৷ গতিকে কিতাপৰ আকাৰ ভালেমান বাঢ়িল। যুদ্ধৰ অভাৱনীয় পৰিস্থিতিয়ে আজি ইমান বছৰ কিতাপ খনৰ প্ৰকাশ স্থগিত কৰি ৰাখিছিল। অৱশ্যে এতিয়াও সেই পৰিস্থিতিৰ একো হীন-ডেঢ়ি ঘটা নাই। তথাপি বন্ধু-বান্ধৱৰ অনুৰোধত কিতাপখন প্ৰকাশ কৰা হল।
আগৰ কেইবাৰতকৈ এইবাৰ কিতাপৰ চৰিত্ৰ সজোৱাৰো পৰিবৰ্ত্তন কৰা হৈছে। যিমান পৰা যায়, এইবাৰ সময়ৰ ক্ৰম ৰাখি চৰিত্ৰবোৰ সজোৱা হৈছে। এইবাৰ কিতাপখন দুটা ভাগত ভাগ কৰি প্ৰথম ভাগত অসমৰ বীৰ-নাৰী সকলৰ আৰু দ্বিতীয় ভাগত অসমৰ বাহিৰৰ বীৰ-নাৰী সকলৰ জীৱনী দিয়া হৈছে।
নাৰী-ৰত্ন সংকলন কৰাত বহুতৰ পৰা বহু প্ৰকাৰে সহায় পোৱা হৈছে ৷ কিতাপৰ ভিতৰৰ Foot Noteত তাৰ উল্লেখ আছে । ইয়াত সমূহীয়াকৈ সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতাৰ শৰাই আগ বঢ়ালোঁ।
মোৰ আপোন ককাইৰ দৰে সকলো কথাৰ বুজ লোৱা শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত তাৰানাথ গগৈ বি, এ, বি, টি দেৱে কিতাপখনিৰ প্ৰকাশ সম্পর্কে নানা