চাঁদ-কুমাৰী।
শিখবিলাক বীৰ জাতি। পঞ্জাবত এওঁলোকৰ ঘাই বসতি। ওঠৰ শতিকাৰ শেষ ভাগত ৰণজিৎসিংহ নামে এজন বীৰ পুৰুষে এই নিৰ্ভীক জাতিক একতা ডোলেৰে গাঁথি মহা শক্তিমন্ত কৰি তুলিছিল। বুৰঞ্জীত তেওঁৰ নাম পঞ্জাব কেশৰী।
খড়গসিংহ নামে তেওঁৰ এটি লৰা আছিল। ১৮১২ খৃষ্টাব্দত তেওঁক বিয়া কৰাই দিয়ে। তেতিয়া ৰণজিৎসিংহৰ এনে প্ৰতাপ যে, ইংৰাজৰ বিখ্যাত সেনাপতি অক্টাৰলনি তেওঁৰ পুতেকৰ বিয়াৰ প্ৰধান তত্ত্বাৱধাৰক আছিল।
ৰণজিৎসিংহৰ এই বোৱাৰীৰ নাম চাঁদ-কুমাৰী। তেওঁ এজন শিখ চৰ্দাৰৰ কন্যা। তেওঁৰ তেজস্বিতা আৰু চৰিত্ৰবললৈ মন কৰিলে তেওঁক পঞ্জাব কেশৰীৰ উপযুক্ত বোৱাৰী বুলি নকৈ নোৱাৰি। কিন্তু এই বীৰ নাৰীৰ চুটি জীৱন বৰ দুখৰ। কিছুমান কাপুৰুযে ষড়যন্ত্ৰ কৰি তেওঁৰ স্বামীক অকালতে হত্যা কৰে আৰু তেওঁকো নানা প্ৰকাৰে লাঞ্ছনা ভুগাই শেষত বিহ খুৱাই মাৰে।
১৮৩৪ খৃষ্টাব্দত ৰণজিৎ সিংহৰ টান নৰিয়া হয়। পুতেক খড়গসিংহ ৰজা হয়। ধ্যানসিংহ আৰু গোলাপসিংহ নামে দুজন ককাই-ভাই ৰণজিৎ সিংহৰ বিশ্বাসী বন্ধু আছিল। তেওঁ ধ্যানসিংহক প্ৰধান মন্ত্ৰীৰ বাব দিয়ে আৰু গোলাপসিংহক প্ৰধান সেনাপতি পাতে।