কৰিলে। তেতিয়া চাৰিওফালৰ পৰা শত্ৰুৰ কামান আৰু বন্দুকৰ গুলি বৰষুণ পৰা দি পৰিছিল। ৰাণীয়ে তাৰ মাজেৰে বিজুলি বেগে গৈ নিৰাপদে ইংৰাজ সৈন্যৰ বেহু পাৰ হল। যুদ্ধক্ষেত্ৰ এৰি অলপ দূৰ গৈয়েই বাটত সৰু জান্ এটা পালে। জানটোত অলপ পানী আছিল। পানী দেখি ঘোঁৰাটো আগলৈ নোযোৱা হল। জান্টো পাৰ হবলৈ যত্ন কৰি থাকোঁতেই শত্ৰুৰ এটা গুলী আহি তেওঁৰ কৰঙনত পৰিল। তিমানতো ৰাণীয়ে জানটো পাৰ হবলৈ ঘোৰাটোক পাৰেমানে টিকাত কোবালে; কিন্তু সি পানীখিনি জাপ মাৰি পাৰ হোৱা দূৰৰ কথা, কেকোঁ-গেথো কৰি থাকি ঠেং পিচলি জানটোত পৰি গ'ল। কেইজনমান ইংৰাজ সৈন্যই ৰাণীক পাচে পাচে খেদি নিছিল। সিহঁতৰ এজনে সেই ছেগতে পিচ ফালৰ পৰা ৰাণীৰ মূৰত তৰোৱালেৰে এটা ঘাপ মাৰিলে। ৰাণীৰ মূৰৰ সোঁফালৰ এচঁহা এৰাই গল। তাৰ পিচ মুহূৰ্ত্ততে আন এজনে সঙ্গীনেৰে ৰাণীৰ পিঠিত খোঁচ মাৰিলে। তিমানতো বীৰ ৰাণীয়ে আঘাতকাৰী ইংৰাজ এজনক আৰু লগৰ আন এজনক তৰোৱালেৰে দুছোৱা কৰিছিল।
ৰাণী তেজেৰে তুমৰলি হল। তেওঁৰ মূৰৰ পৰা ধাৰাসাৰ তেজ বব ধৰিলে; শৰীৰ অবশ হৈ আহিল।তেওঁ মাটিত ঢলি পৰিল। মৰণ ওচৰ চপাত চৰ্দাৰ ৰামচন্দ্ৰ ৰাওক ঠাৰেৰে ওচৰলৈ মাতি আনি কলে— “মই এতিয়া মৰিম। মোৰ শটো ইংৰাজক এৰি নিদিবা। সিহঁতে ছুলে মোৰ আত্মাই শান্তি নাপাব।”