সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
নাৰী-ৰত্ন।

ভাৰ দিয়ে আৰু বিদ্ৰোহ চলাবলৈ ৰাণীক তিনি লাখ টকা খোজে। ৰাণীৰ হাতত সঁচাকৈয়ে টকা-কড়ি নাছিল। তেওঁ ঘৰৰ বয়-বস্তু আৰু নিজৰ গাৰ অলঙ্কাৰ বেচি কথমপি এক লাখ টকা দি উন্মত্ত চিপাহীবোৰক শান্ত কৰে; আৰু ৰাজ্য শাসনৰ ভাৰ লয়।

 সেই সময়ত ৰাণীৰ বয়স মুঠে ২৩ বছৰ। তেওঁ দহমাহ ৰাজ্য শাসন কৰিছিল। তেওঁৰ শাসনত উচ্ছৃঙ্খল প্ৰজা শান্ত হৈছিল। ৰাজ্যত কেনো উপদ্ৰৱ হোৱা নাছিল। তেওঁ প্ৰজাৰ শ্ৰদ্ধা আৰু ভক্তি আকৰ্ষণ কৰিব পাৰিছিল। তেওঁ কোনো কথাতে দুৰ্ব্বলতা প্ৰকাশ কৰা নাছিল।

 এবছৰৰ ভিতৰতে চিপাহী বিদ্ৰোহ শাম কাটিলে। ইংৰাজৰ জয় হল। সিহঁতে বিদ্ৰোহীবোৰক কঠোৰ শাসনেৰে দমালে। তেতিয়া ৰাণীয়ে ইংৰাজক ৰাজ্য ঘুৰাই দি বন্ধুভাৱ ৰাখিব খুজিছিল। কিন্তু ইংৰাজ শাসকসকলৰ মন তেওঁৰ প্ৰতি আগতে কলঙ্কিত হৈছিল। গতিকে তেওঁৰ প্ৰস্তাৱত সন্মত নহৈ তেওঁলোকে ঝাঁচিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।

 অগত্যা ৰাণীয়ে যুদ্ধ কৰি আত্মৰক্ষা কৰিবলৈ বাধ্য হল। ১৮৫৮ খৃষ্টাব্দৰ ২৫ মাৰ্চৰ পৰা ৪ এপ্ৰিলৈকে তেওঁ ঝাঁচি দুৰ্গত থাকি ইংৰাজ সৈন্যৰ আক্ৰমণ ৰোধ কৰিছিল। দুৰ্গ ৰক্ষা অসম্ভৱ যেন দেখি ৪ এপ্ৰিলৰ দিনা শেষ নিশা তেওঁ পুতেকক পিঠিত বান্ধি এটা তেজী ঘোঁৰাত উঠি অতি মৰমৰ ঝাঁচি ত্যাগ কৰে। তেওঁ কাল্পীলৈ যায়! তেতিয়া নানা চাহেবৰ ভতিজাক ৰাও চাহাব আৰু বিদ্ৰোহী দলৰ নেতা তান্তিয়া টোপী কাল্পীত আছিল।