সোট্-মোচ খালে। পেচোৱা ৰণত হাৰিল। তেওঁ সসম্মানে ইন্দোৰ এৰি গ'ল। ৰাণীৰ জয়ধ্বনিয়ে ইন্দোৰৰ গগণ-পৱন প্ৰতিধ্বনিত কৰিলে।
ইয়াৰ পাচত ৰাণীয়ে বংশৰ লৰা এটি পো কৰি তুলি ললে। তেতিয়াৰ পৰা ৰাজ্যৰ তেৱেই অধিপতি হল; কিন্তু ৰাণীয়ে আজীৱন কাল ৰাজ্যৰ শাসনকাৰ্য্য চলাইছিল।
অহল্যাবাঈৰ মনৰ দৃঢ়তা আৰু কোমলতাৰ অনেক দৃষ্টান্ত আছে। তলত তাৰে দুটামান তুলি দিয়া হল।
(১) তেওঁৰ ৰাজ্যৰ এজন নিঃসন্তান চহকী মানুহ মৰাত তেওঁৰ বিধবা পত্নীয়ে এটি তোলনীয়া পো লৈ সম্পত্তি চলাবৰ কাৰণে অনুমতি খুজি ৰাণীক আবেদন জনাইছিল। তেওঁ আবেদন পত্ৰত এই কথাও উল্লেখ কৰিছিল যে, তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ হলে, তেওঁ ৰাজ-ভঁৰালত কিছু টকা জমা দিব। ৰাণীৰ মন্ত্ৰীসকলে বিধবাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰি তেওঁ উপযাচি দিব খোজা ধনখিনি লবলৈ ৰাণীক পৰামৰ্শ দিছিল। ৰাণীয়ে তেওঁলোকৰ কথা নুশুনিলে। তেওঁ কৈছিল— “হিন্দু তিৰোতাৰ নিঃসন্তান স্বামী ঢুকালে পত্নীয়ে তোলনীয়া পো লোৱাৰ শাস্ত্ৰত বিধান আছে। আমি সেই নিয়ম অৱজ্ঞা কৰি অনুমতি নিদিবও পাৰোঁ— এই ভয়তহে আবেদনকাৰীয়ে আমাক টকা যাচিছে। কিন্তু এই নীতিৰে টকা লোৱা আৰু ডকাইতি কৰি টকা লোৱা একেই কথা।”