ৰাণীৰ শাসনত প্ৰজাপুঞ্জৰ মনলৈ শান্তি আহিল। কিন্তু ইন্দোৰৰ উত্তৰাধিকাৰ লৈ অলপ অশান্তিৰ সৃষ্টি হল। জনদিয়েক পাৰিষদে ৰাণীক তোলনীয়া পো লবলৈ পৰামৰ্শ দিলে। ৰাণীয়ে তেওঁলোকৰ পৰামৰ্শ আওকাণ কৰিলে। এই কথাত বেয়া পাই গঙ্গাধৰ যশোমন্ত ৰাও নামে এজন পাৰিষদ পেচোৱাৰ কাষ চাপিল আৰু তেওঁৰ হতুৱাই ৰাণীক ধমক্ দি এখন চিঠি লিখালে আৰু ইন্দোৰ আক্ৰমণৰ ভাবুকি দি কিছু টকা খোজালে। ৰাণীয়ে সেই চিঠিৰ উত্তৰত পেচোৱাক জনালে যে, “ইন্দোৰৰ ৰাজ-ভঁৰালৰ ধন প্ৰজাৰ সম্পত্তি। প্ৰজাই তেওঁক সেই ধন কিছু পৰিমাণে দীন-দুখীক দান কৰিবলৈ অধিকাৰ দিছে। যদি পেচোৱাই ভিখাৰীৰ দৰে জোলোঙা লৈ ইন্দোৰৰ ৰাজ-দুৱাৰত উপস্থিত হয়, তেন্তে আন আন ভিখাৰীৰ লগত তেওঁৰ প্ৰাৰ্থনাও নিশ্চয় বিবেচনা কৰা হব।”
ৰাণীৰ এনে তেজী কথাত পেচোৱা জ্বলি-পকি উঠিল। তেওঁ অহল্যাৰ দৰ্প চূৰ্ণ কৰিম বুলি প্ৰতিজ্ঞা কৰি ইন্দোৰ আক্ৰমণ কৰিলে। অহল্যায়ে৷ ঠিক ইয়াকে আশা কৰিছিল। তেওঁ নিজে সেনাপতিৰ বাব লৈ যুদ্ধৰ কাৰণে প্ৰস্তুত হল। ৰাণীৰ আদৰ্শই ইন্দোৰৰ সৈন্যবোৰৰ মনোবল অনেক গুণে বঢ়ালে। তেওঁলোকে মনত নতুন উছাহ আৰু প্ৰাণত অসীম প্ৰেৰণা লৈ যুঁজ দিবলৈ গল।
পেচোৱাই কিন্তু এনেটো দেখিব বুলি সপোনতো ভবা নাছিল। তেওঁৰ সৈন্যবোৰে অহল্যাবাঈৰ ৰণ-চণ্ডী মূৰ্ত্তি দেখি ভয়ত