সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
অহল্যাবাঈ।


 এইদৰেও কিছুকাল এক প্ৰকাৰ শান্তিতে গল বুলিব লাগে। ইয়াৰ পাচত এদিন মহাকালৰ নিমন্ত্ৰণ পাই বুঢ়া ৰজা মলহৰ ৰাৱো ইহসংসাৰ এৰি স্বৰ্গধামলৈ গতি কৰিলে। এই ঘটনাত অহল্যাবাঈৰ মন তেনেই ভাঙি পৰিল। শহুৰেক জীয়াই থকাত তেওঁৰ প্ৰীতি আৰু শান্তিৰ কাৰণে কোনে৷ দুখেই দুখ যেন নালাগিছিল, কোনো কামেই টান যেন বোধ নহৈছিল। কিন্তু তেওঁ এৰা দিয়াত এতিয়া সামান্য কামেই বোজা যেন বোধ হল, সামান্য কথাতে বিৰক্তি ওপজা হল। সেই কাৰণে শহুৰেকৰ দৰে তেৱোঁ পুতেক মালে ৰাওক ৰাজ্যশাসনৰ ভাৰ দি নিজে একাণপতীয়াকৈ ধৰ্ম্মচৰ্চ্চাত মন দিলে।

 কিন্তু সৌভাগ্যৰ বলতহে সুসন্তান লাভ কৰা যায়। গুণৱতী ৰাণীৰ সন্তান মালেৰাও আছিল, নিয়ম-কাৰণ-নমনা, কদাচাৰী ডেকা। তেওঁৰ সঙ্গীসকল আছিল তেওঁতকৈয়ো অসৎ। গতিকে তেওঁৰ শাসনত প্ৰজাবোৰ অসন্তুষ্ট হল। ৰাজ্যত অনেক অঘটন ঘটিবলৈ ধৰিলে। ৰাণীৰ মুখলৈ চাই কিছুদিন প্ৰজাবোৰে ৰজাৰ অন্যায় আচৰণ সহ্য কৰিছিল। কিন্তু ক্ৰমে তেওঁৰ পাপাচাৰ অসহনীয় হৈ উঠিল। প্ৰজাৰ শাওপাত আৰু নিজৰ কৰ্ম্মফলৰ কাৰণে মালেৰাওৰ সংক্ষিপ্ত জীৱন অলপ দিনৰ ভিতৰতে অন্ত পৰিল।

 যি জঞ্জাল এৰাব খোজে, তাক জঞ্জালে ঘেৰি ধৰে— এয়ে সংসাৰৰ নিয়ম। অহল্যাবাঈক পুনৰ সাংসাৰিক জঞ্জালে মেৰাই ধৰিলে৷ তেওঁ পুনৰ শাসনভাৰ নিজে লবলগা হল।