সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
নাৰী-ৰত্ন।

নিপুণ। সিহঁতে হোলকাৰৰ ৰাজ্যত উপদ্ৰৱ কৰিছিল। যুবৰাজ খাণ্ডে ৰাৱে সিহঁতক দমাবলৈ যুদ্ধ-যাত্ৰা কৰিছিল। দুভাগ্যবশতঃ জাঠবোৰৰ হাতত যুবৰাজৰ মৃত্যু হল।

 তেতিয়া অহল্যাবাঈ মুঠে ওঠৰ বছৰীয়া। তেওঁৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তান হৈছিল। গাভৰু কালতে স্বামীয়ে তেওঁক এৰা দি গল; আৰু তেওঁ লৈ থৈ গল--এটা আমৰণ শোকত কটাবলগীয়া জীৱন, শোকাতুৰ বুঢ়া শহুৰেক আৰু আমাডিম| লগ-ছোৱালী এজুৰী। তেওঁ সহমৰণৰ ইচ্ছা কৰিছিল; কিন্তু শহুৰেকৰ কথা পেলাব নোৱাৰি তেওঁৰ সেই ইচ্ছা পূৰ্ণ কৰিব নোৱাৰিলে।

 পুতেক মৰাত বুঢ়াৰজাৰ একোৱেই ভাল নলগা হল। তেওঁ ৰাজকাৰ্য্য আৰু গৃহস্থালিৰ সম্পূৰ্ণ ভাৰ বোৱাৰীয়েকক দি ঈশ্বৰ চিন্তা কৰি সময় কটাব ধৰিলে। কিয়নো তেওঁ ভালদৰে বুজিছিল যে, এই ভাৰ উপযুক্ত লোকক দিয়া হৈছে। বিশেষ গাভৰু বোৱাৰীয়েকক শোক-চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ সদায় কামত লগাই ৰখাই ভাল উপায় বুলি ভাবিছিল।

 অহল্যাবায়ে শহুৰেকৰ প্ৰীতিৰ কাৰণে সকলো কামকে পৰিপাটিকৈ কৰি গল। তেওঁৰ আচৰণত সকলো প্ৰজ্ঞা সন্তুষ্ট হল। ৰাজ্যত বিবিধ শুভকাৰ্য্যৰ সূচনা হল। ৰাণীৰ দয়া আৰু ধৰ্ম্ম-ভাৱত উচ্চ ৰাজকৰ্ম্মচাৰীৰ পৰা বহুৱা-খেতিয়কলৈকে সকলো প্ৰজা মুগ্ধ হল। সকলোৱে তেওঁক মাকৰ দৰে শ্ৰদ্ধা কৰিবলৈ ধৰিলে।