উপযুক্ত যৌতুক দিব নোৱাৰা কাৰণে তেওঁৰ বিয়াৰ বয়স উকলি যোৱাতো বিয়া দিব পৰা নাছিল।
ঘটনাক্ৰমে এদিন মলহৰ ৰাও হোলকাৰ এখন ৰণৰপৰা উভতি আহি পাথৰডি গাওঁত এৰাতি থাকে। তেওঁৰ সৈন্য- সামন্ত, হাতী-ঘোঁৰা, গাৰী-গৰুৱে হঠাৎ নীৰৱ পাথৰডি গাওঁ এখন কোলাহলপূৰ্ণ নগৰীত পৰিণত কৰে৷ গাওঁত হুৱাদুৱা লাগে। গাওঁৰ লৰা-বুঢ়া, ডেকা-গাভৰুৱে সেই অপূৰ্বৰ দৃশ্য চাবলৈ হোলকাৰ ছাউনি ঘেৰি ধৰে। গাওঁৰ মুখিয়াল লোক সকলে হোলকাৰক আদৰ-অভ্যৰ্থনা জনাবলৈ যায়। হোলকাৰে এটি পুৰণি মন্দিৰৰ চোতালত বহি জিৰণি লৈছিল।
আনন্দৰাও গাওঁৰ এজন লেখৰ মানুহ। হোলকাৰক আদৰিবলৈ যোৱা দলৰ তেৱেঁই প্ৰধান উদ্যোগী আছিল। দেউতাকৰ লগত অহল্যাবায়ো হোলকাৰক চাবলৈ গৈছিল। আপ্যায়িত কৰি
হোলকাৰে সকলোকে মাত-কথাৰে আপ্যায়িত কৰি অহল্যাবাঈৰ পৰিচয় ললে। আনন্দৰাৱে সবিনয়ে সকলো কথা জনালে। তেওঁ আনন্দৰাওৰ বংশ আৰু গোত্ৰৰ কথাও সুধি ললে। তাৰ পাচত সেই বিষয়ৰ কথা এৰি আন কথা পাতিলে।
ৰাতি হল। সকলো ঘৰাঘৰি গল। ৰাণাই শুবলৈ গৈ মনে মনে ভাবিলে— এই ছোৱালীটি পুতেকলৈ বিয়া কৰালে কেনে হয়? ছোৱালীটিৰ গঢ়-গতি সুন্দৰ; মাত-কথা লণী, স্বভাৱ গহীন বংশও উন্নত। তেওঁৰ মনৰ কথা মনতে থাকিল। কাকে৷ ঘূণাক্ষৰেও মনৰ ভাৱ জানিবলৈ নিদিলে।