ৰাণী ভবানী।
বঙ্গদেশৰ বগুৰা জিলাত ছাতিম নামেৰে এখন গাওঁ আছে। সেই গাওঁৰ এজন দুখীয়া অথচ মানী বামুণৰ ঘৰত ভবানীৰ জন্ম হয়। তেওঁৰ বাপেকৰ নাম আত্মাৰাম চৌধুৰী আৰু মাকৰ নাম কস্তুৰী দেৱী। সৰুতে মাকৰ ঘৰত তেওঁক জয়দুর্গা বুলি মাতিছিল।
জয়দুর্গাৰ মাক এগৰাকী সাদৰী আৰু সাধু চৰিত্ৰৰ তিৰোতা আছিল। তেওঁ জীয়েকক সৰুৰে পৰা সেৱা-সদাচাৰ আৰু দেৱ-দ্বিজক ভক্তি কৰিবলৈ শিকাইছিল। বাপেকে তেওঁক লিখা-পঢ়া শিকাইছিল আৰু সাংসাৰিক জ্ঞানৰ শিক্ষা দিছিল। তেওঁৰ শৰীৰ সুঠাম আৰু সুশ্ৰী আছিল ।
ছাতিম গাওঁৰে দয়াৰাম নামে এজন মানুহে নাটোৰৰ ৰজাঘৰত কাম কৰিছিল । তেওঁ কৈ-মিলি নাটোৰৰ ৰজা ৰামজীৱনৰ পুতেক ৰমাকান্তৰ লগত ভবানীৰ বিয়াৰ বন্দবস্ত কৰে৷
দুখীয়াৰ ছোৱালী ভাগ্যগুণে ৰজাৰ বোৱাৰী হল। কিন্তু অৱস্থাৰ এই পৰিবৰ্ত্তনে ভবানীৰ চৰিত্ৰৰ একো পৰিবৰ্ত্তন ঘটাব নোৱাৰিলে। নম্র স্বভাৱ আৰু গৃহস্থালিৰ সকলো কামতে নিপুণতাৰ কাৰণে অলপ দিনৰ ভিতৰতে তেওঁক ৰজাঘৰতো সকলোৱে সমাদৰ কৰিব ধৰিলে। তেওঁৰ মাত- কথাত বেটী- লগুৱাই কামত উলাহ পালে, তেওঁৰ সেৱা-যত্নত গুৰুজন সকল