তাক ধীৰে ধীৰে মচি নিয়ে। গতিকে দুদিনীয়া দেহৰ খন্তেকীয়া দুখৰ কাৰণে অস্থিৰ হোৱা দুৰ্বল চিত্তৰ লক্ষণ। তুমি ৰাজপুত নাৰী। তোমাৰ এনে দুৰ্বলতা শোভা নাপায়। বৰ্ত্তমান অৱস্থাত মৃত্যুৱেই মোৰ পৰম সুহৃদ। মই দেশৰ মঙ্গলৰ কাৰণে জীৱন উচৰ্গা কৰিম, ইয়াক মোৰ সৌভাগ্যহে বুলি ভাবিছোঁ।”
মই ক্ষত্ৰিয়ৰ জীয়াৰী; মৃত্যুলৈ মোৰ অলপো ভয় নাই। মৃত্যু ক্ষত্ৰিয়ৰ মানত তুচ্চ ঘটনা।”
বেলিৰ তাপত হিমালয় পৰ্ব্বতৰ বৰফ গলি নদীত ঢল অহাৰ দৰে কৃষ্ণাৰ কথাই মাকৰ অন্তৰৰ কৰুণা গলাই চকুত বান তুলিলে। তেওঁৰ ধাৰাসাৰে চকুৰ পানী পৰিবলৈ ধৰিলে। কিছু সময়ৰ পাচত তেওঁ মুছ-কঁছ গল। কৃষ্ণা মূৰ্চ্চিতা মাকৰ কাষতে শুলে।
এনেতে যৌবনদাস নামেৰে ৰাজপৰিয়ালৰ পাষণ্ড এজনে হাতত তৰোৱাল লৈ কুমাৰীৰ কক্ষত সোমাল। কলা-ঘুমটীয়া হৈ পৰি থকা কুমাৰীক কাটিবলৈ সি তৰোৱাল ডাঙিলে। কিন্তু কুমাৰীৰ মুখৰ শোভাই তাৰ শিল যেন কঠিন হৃদয়কো কোমল কৰিলে। এবাৰ, দুবাৰ, তিনিবাৰ সি কাটিবলৈ তৰোৱাল ডাঙিলে; কিন্তু সেই কোমল দেহত ঘাপ মাৰিবলৈ তাৰ সত নগল। তাৰ হাত কঁপিল; মুঠি ঢিলা হল; হাতৰ পৰা তৰোৱাল সুলকি পৰিল। ঘিটিংকৈ শব্দ হল। সেই শব্দ শুনি ৰাণীয়ে চকু মেলি চাই তাক দেখি কৃষ্ণাক সাবটি ধৰিলে। অন্তঃপুৰত কন্দা-কটাৰ ৰোল উঠিল৷ ৰাণীয়ে ঘনাই মূছ-কঁছ যাবলৈ ধৰিলে। এই কৰুণ দৃশ্য যৌৱনদাসৰ সহা নহল।