পৌৰাণিক যুগৰ তিলোত্তমা লাভৰ কাৰণে সুন্দ-উপসন্দীয়া যুদ্ধৰ কলিকালতো পুনৰাভিনয় হোৱাৰ উপক্ৰম হয়। তাকে দেখি ৰাণা বিমোৰত পৰে।
ৰাণা ভীমসিংহ আছিল ভীৰু; কাপুৰুষ। মৰণলৈ তেওঁৰ বৰ ভয়। কিয়নে৷ এই দেহ নশ্বৰ, এই কথা কাপুৰুষে কেতিয়াও ভাবিব নোৱাৰে। তাতে তেওঁ পাৰিষদসকল আছিল তেওঁতকৈও ভয়াতুৰ। তেওঁলোকে ৰাণাক বুজালে যে, কৃষ্ণকুমাৰীয়েই এই অনৰ্থৰ মূল। তেওঁক হত্যা কৰিলে সকলো বিপদৰ অন্ত পৰিব। ৰাণাই ভাবিলে হয়— এই বিপদৰ পৰা উদ্ধাৰ হবলৈ এইটোৱেই সহজ উপায়।
হায়! যি ৰাজপুত জাতিয়ে এদিন নাৰীৰ সন্মান ৰক্ষাৰ কাৰণে ৰাজ্য-ধন-প্ৰাণ অকাতৰে উচৰ্গা কৰিছিল, সেই জাতিৰ বংশধৰ ৰাণা ভীমসিংহই নাৰী হত্যা কৰি ৰাজ্য আৰু আত্মৰক্ষাৰ উপায় চিন্তিলে। ইয়াক কালৰ কূটিলা গতি নুবুলি পাৰি কেনেকৈ?
ৰাজসভাৰ সিদ্ধান্ত শুনি ৰাণী কান্দি-কাটি অস্থিৰ হল। তেওঁ খাব-শুৱ এৰিলে। তেওঁ এই দুখ-সাগৰৰ পাৰ পোৱাৰ একো উপায় নেদেখিলে। কৃষ্ণাক কিন্তু এই বাতৰিয়ে বিচলিত কৰিব পৰা নাছিল। তেওঁ শোকাতুৰা মাকৰ অৱস্থা দেখিহে অধিক কাতৰ হৈছিল। তেওঁ মাকক সান্ত্বনা দি কৈছিল— “আই! ইমান অধীৰ হৈছা কিয়? শান্ত হোৱা। ছোৱা, এই শৰীৰ দুদিনীয়া। সংসাৰৰ শোক-তাপ যিমানেই তীব্ৰ হওক, কালে