কৃষ্ণকুমাৰী।
ঊনৈশ শতিকাৰ আগ ভাগত চিতোৰৰ ৰাণা আছিল ভীমসিংহ । নাম ভীমসিংহ হলেও তেওঁৰ পূৰ্বপুৰুষসকলৰ দৰে ভীম পৰাক্ৰম নাছিল। বাদচাহ আৰু মাৰাঠা শক্তিৰ ক্রমাগত আক্ৰমণৰ ফলত চিতোৰৰ শক্তি ক্ষীণ, অৱস্থা হীন আৰু তেজ মোলান্ হৈ আহিছিল। এটা কথাত চিতোৰৰ অৱস্থা তেতিয়া বুঢ়া মানুহৰ লৰা দাঁতৰ দৰে সোলোক-ঢোলোক হৈছিল ৷
কিন্তু তেতিয়াও তাৰ এটি উজ্জ্বল ৰত্নৰ জেউতিয়ে গোটেই ৰাজস্থান পোহৰ কৰিছিল তেওঁৰ নাম কৃষ্ণকুমাৰী। কৃষ্ণকুমাৰী ৰাণা ভীমসিংহৰ জীয়েক। ৰাজপুত কবিসকলে তেওঁক ‘ৰাজস্থান-কুসুম' বুলিছে। কিয়নো ফুলৰ সৌৰভৰ দৰে তেওঁৰ চৰিত্ৰৰ সৌৰভ গোটেই ভাৰততে বিয়পি পৰিছিল ।
প্রথমে তেওঁক বিয়া দিয়াৰ কথা হৈছিল মাৰৱাৰৰ ৰজাৰ লগত। দৈবাৎ মাৰৱাৰৰ ৰজাৰ মৃত্যু হয়। তেতিয়া তেওঁক জয়পুৰৰ ৰজা জগৎসিংহই বিয়া কৰাবৰ মন কৰে। কিন্তু মাৰৱাৰৰ পাচৰ জন ৰজা মানসিংহই উত্তৰাধিকাৰ সূত্ৰে ৰাজ- সিংহাসনৰ লগতে আগৰ ৰজাৰ বাগদত্তা পত্নীকো দাবী কৰে; আৰু সেই দাবী পূৰণৰ অৰ্থে সৈন্য সামন্ত লৈ চিতোৰলৈ আহে। তাকে দেখি জয়পুৰৰ ৰজায়ো এটা ফৌজ লৈ আহি চিতোৰৰ ৰাজধানী উদয়পুৰৰ ওচৰতে ছাউনি পাতে। এইদৰে চিতোৰত