সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৪]

শাস্ত্ৰত এওঁলোকৰ গভীৰ জ্ঞান আছিল। এওঁলোকৰ ধৰ্ম্মৰ প্ৰতি অনুৰাগ, ঈশ্বৰৰ প্ৰতি ভক্তি আৰু কৰ্ত্তব্যৰ প্ৰতি শ্ৰদ্ধাৰ জগতত তুলনা নাই। এওঁলোকৰ বাহিৰেও সীতা, সাবিত্ৰী, গান্ধাৰী দময়ন্তী প্ৰভৃতি মহাসতী সকল এই যুগৰ।

 ভগবান মনুৱে স্ত্ৰী-স্বাধীনতাৰ প্ৰথম হেঙ্গাৰ বান্ধিলে। নাৰী স্বাধীন ভাৱে চলাৰ অযোগ্য, নাৰীৰ বেদপাঠত অধিকাৰ নাই, নাৰীয়ে পুৰুষৰ সমান অধিকাৰ পাব নোৱাৰে এইবোৰ আদেশ মনুৰ। ভগবান মনু আছিল সমাজপতি। সমাজৰ শৃঙ্খলা আনিবলৈ আৰু দুৰ্নীতি দমন কৰিবলৈ হয়তো এইবোৰ বিধিৰ আৱশ্যক হৈছিল। কিন্তু তেওঁ নাৰীৰ প্ৰতি সদয় আৰু সহানুভূতিশীল আছিল। যি ঠাইত নাৰীয়ে সম্মান পায়, তাতেহে দেৱতাসকল বিৰাজ কৰে; যি ঘৰত তিৰোতাৰ আদৰ নাই, সেই ঘৰৰ ধৰ্ম্ম-কৰ্ম্মৰ একো ফল নাই; যি ঘৰত তিৰোতাক দুখ দিয়া হয়, সেই ঘৰ পতন অনিবাৰ্য; যি ঘৰৰ তিৰোতাবোৰ সুখী, সেই ঘৰৰ উন্নতি ঠিৰাং; মাতৃ পিতৃতকৈয়ো অধিক পূজনীয়া— এইবোৰ উপদেশো ভগবান মনুৰ।

 তাৰ পাচৰ বৌদ্ধবুগত আমি দেখিবলৈ পাওঁ যে, মথুৰ হেঙ্গাৰ পাৰ হৈ নাৰীয়ে পুৰুষৰ সমান অধিকাৰ লাভ কৰিছিল। এই যুগৰ সোমা, সুপ্ৰিয়া, মালিনী আদি মহিলাই পাণ্ডিত্যত, সংঘমিত্ৰাই ধৰ্ম্ম প্ৰচাৰত, সতী সম্বুলাই পতি সেৱাত যি উচ্চ আদৰ্শ ৰাখি গৈছে, জগতত তাৰ তুলনা নাই। ভাৰতৰ অদ্বিতীয় পণ্ডিত শঙ্কৰাচাৰ্য্যই যেতিয়া মণ্ডন মিশ্ৰৰ লগত অদ্বৈতবাদৰ তৰ্ক কৰে, তেতিয়া তেওঁলোকৰ যুক্তিৰ বিচাৰ কৰিছিল এগৰাকী নাৰীয়ে। তেওঁৰ নাম উভয়ভাৰতী। তেওঁ পণ্ডিত মণ্ডন মিশ্ৰৰ বিদুষী ভাৰ্য্যা।