সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
জানী বেগম।

পটু আছিল। এই কাৰণে ভায়েকবোৰে তেওঁক শ্ৰদ্ধা-ভক্তি সমূলি নকৰিছিল।

 তেওঁ প্ৰায়েই কিতাপ পঢ়ি, ধৰ্ম্মৰ কথা পাতি আৰু চুফি দৰ্শনৰ চিন্তা কৰি কাল কটাইহিল। মছলমানৰ চুফি দৰ্শনৰ বহুতো কথা হিন্দুৰ বেদান্ত দৰ্শনৰ লগত মিলে। সেই কাৰণে হিন্দুৰ প্ৰতি তেওঁ সদয় আছিল আৰু হিন্দুধৰ্ম্মৰ পুথিবোৰ তেওঁ বৰ আগ্ৰহেৰে পঢ়িছিল। কিন্তু সেই যুগ হিন্দু-বিদ্বেষৰ যুগ। গতিকে মছলমান সমাজে ভাৰতৰ ভবিষ্যৎ ভাগ্য বিধাতাৰ এনে মতি মাৰাত্মক বুলি ভাবিছিল।

 সম্ৰাট তৃতীয় পুত্ৰ আওৰঙ্গজেৱ আছিল গোঁড়া মছলমান, বুদ্ধিত চতুৰ, যুদ্ধ আৰু শাসনকাৰ্য্যত পটু। তেওঁ ককাই-ভাই কেউজনতকৈ আছিল অধিক দূৰদৰ্শী আৰু কষ্ট সহিষ্ণু। গতিকে মছলমান সমাজে তেওঁক ভাল পাইছিল। কিন্তু সম্ৰাটে তেওঁৰ গুণৰ সমাদৰ নকৰিছিল। এই কাৰণে তেওঁ বাপেকক সমুলি ভাল নাপাইছিল আৰু ককায়েক দাৰাক চকুৰ কূট৷ যেন দেখিছিল।

 ১৬৫৭ খৃষ্টাব্দৰ আগষ্ট মাহত সম্ৰাট চাহজাহানৰ টান নৰিয়া হয় আৰু তেওঁ সেই নৰিয়াতে ঢুকাল বুলি এটা মিছা জনৰৱ উঠে। আওঙ্গজেৱ তেতিয়া দাক্ষিণাত্যৰ শাসনকৰ্ত্তা। এই জনৰৱ শুনি তেওঁ সসৈন্যে দিল্লীলৈ আহে আৰু যুদ্ধত ককায়েক দাৰাক হৰুৱাই বাপেকক বন্দী কৰি আগ্ৰা দুৰ্গত থৈ নিজে সিংহাসন অধিকাৰ কৰে। দাৰা প্ৰাণৰক্ষাৰ কাৰণে পলাই ফুৰিব লগীয়া হয়।