সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জাহান-জেৱ-বানু
বা
জানী বেগম।

 জাহান-জেৱ-বানু দাৰাৰ ডাঙৰ জনী ছোৱালীৰ নাম। তেওঁৰ মাকৰ নাম নাদিয়া বেগম।

 দাৰা চাহজাহানৰ বৰ পুতেক। সম্রাটে তেওঁক বৰ আদৰ কৰিছিল। আন কি মৰমতে প্রায় চকুৰ আঁতৰ নকৰিছিল। চাহজাহানে তেওঁকেই সিংহাসন দিবলৈ ইচ্ছা কৰিছিল; কিন্তু তেওঁৰ সেই ইচ্ছা পূৰণ নহল।

 সাহিত্য, সঙ্গীত প্রভৃতি সুকুমাৰ কলাবিদ্যাত দাৰাৰ বৰ অনুৰাগ আছিল। তেওঁ পৰকালৰ কথা ভাবি বৰ ভাল পাইছিল। কিন্তু যুঁজ-বাগৰ আৰু ৰাজ্যশাসনৰ জঞ্জাল তেওঁ আহুকলীয়া যেন বোধ কৰিছিল। ৰজাৰ লৰাৰ এনে মনোভাৱ উচিত নহয়। যুদ্ধ আৰু শাসনকাৰ্য্য ৰজাৰ লৰাৰ অবশ্য কৰণীয় কাৰ্য্য।

 তেওঁৰ এইবোৰ অযোগ্যতা আওকাণ কৰি মৰমতে চাহজাহানে দাৰাক অধিক ৰাজ-সম্মান দিছিল আৰু ক্ষন্তেকলৈকো দূৰলৈ নপঠিয়াইছিল। সম্ৰাটৰ আদৰ পাই তেওঁ ভায়েকবোৰক অৱহেলা আৰু ইতিকিং কৰিছিল। অথচ ভায়েকবোৰ তেওঁতকৈ যুদ্ধ আৰু ৰাজনীতিৰ জ্ঞানত অধিক