সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
প্ৰভাৱতী।

প্ৰভাৱতীয়ে ৰাণাক চিঠিৰে জনালে যে, তেওঁ ৰাণাক পতি বৰণ কৰিব খোজে। যদি ৰাণাৰ শক্তি আছে, তেন্তে বাদচাহৰ হাতৰ পৰা তেওঁক উদ্ধাৰ কৰি নিয়ক। বাদচাহে তেওঁক নিবলৈ দুহেজাৰ সৈন্য পঠাইছে।

 প্ৰভাৱতীৰ চিঠি পঢ়ি ৰাণাই আগ-পিচ গুণিলে। পূৰ্ব্ব পুৰুষ সকলৰ কাৰ্যাৱলী তেওঁৰ মনলৈ আহিল। তেতিয়া তেওঁ উত্তেজিত হৈ উঠিল। আন অনেক কথাত তেওঁ বাদচাহ আওৰঙ্গজেৱক বেয়া পাই আছিল। বৰ্ত্তমানৰ এই ধৰ্ম্মবিৰোধী আচৰণ তেওঁ সহি নাথাকিল।

 তেওঁ সৈন্য-সামন্ত লৈ ৰূপনগৰলৈ যাত্ৰা কৰিলে। কিন্তু ইতিমধ্যে বাদচাহৰ সৈন্যই প্ৰভাৱতীক লৈ দিল্লী যাত্ৰা কৰিলেই। তেওঁ পাচে পাচে খেদি গল। আৰাৱলী পৰ্ব্বত পাৰ হৈ হঠাতে তেওঁ পিচ ফালৰ পৰা বাদচাহৰ সৈন্যদলক আক্ৰমণ কৰিলে। ৰাজপুত সেনাৰ বীৰত্বত মোগল সেনা ফিৰিঙতি ওফৰা দি ওফৰি গল। ৰাজসিংহই প্ৰভাৱতীক লৈ চিতোৰলৈ আহিল। চিতোৰত তেওঁলোকৰ বিয়া হল।

 জয়পুৰৰ ৰজা জয়সিংহ আৰু মাৰৱাৰৰ ৰজা যশোমন্তসিংহ তেতিয়া বাদচাহৰ ৰাজ্যৰ ধৰণী স্বৰূপ। বাদচাহৰ এনে ধৰ্ম্ম- বিৰোধী কথা তেওঁলোকে সমৰ্থন নকৰিব বুলি ভয় কৰি এই ঘটনাত অপমান পায়ো বাদচাহ মনে মনে থাকিল।