সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্রভাৱতী।

 আৰাৱলী পৰ্বতৰ নামনিত ৰূপনগৰ নামে এখন সৰু ৰাজ্য আছে। তাত ৰাঠোৰ বংশীয় ৰাজপুত ৰজা এজনে ৰাজত্ব কৰিছিল। তেওঁৰ এটি ৰূপৱতী কন্যা আছিল; তেওঁৰ নাম প্ৰভাৱতী ।

 ৰূপনগৰৰ ৰজা বাদচাহৰ অধীন আছিল। বাদচাহ আত্তৰঙ্গজেৱে প্ৰভাৱতীক বিয়া কৰাবলৈ মন কৰি ৰূপনগৰৰ ৰজালৈ চিঠি দিয়ে । বাদচাহৰ চিঠি পঢ়ি ৰজা বিমোৰত পৰে। ছোৱালী দিলে ধৰ্ম্ম নষ্ট হয়; নিদিলে ৰাজ্য ৰক্ষা নপৰে। তেওঁ একো থিৰ কৰিব নোৱাৰি বাদচাহৰ চিঠিৰ একো উত্তৰকে দিয়া নাছিল ।

 প্ৰভাৱতীয়ে এই কথা শুনিলে । তেওঁ ৰাজপুত্ৰৰ ছোৱালী; মৰিব জানে। গতিকে বিধৰ্ম্মীৰ পত্নী হোৱাতকৈ মৰণেই শ্রেয় বুলি ভাবিলে। হঠাৎ তেওঁৰ ৰাজপুত জাতিৰ বীৰত্ব আৰু তেজস্বিতাৰ কথা মনলৈ আহিল । তেওঁ ভাবিলে, সম্ৰাটৰ এনে অন্যায় কাৰ্য্যত বাধা দিবলৈ ৰাজপুতনাত কোনো বীৰ নাই নে?

 কিন্তু তেতিয়া সঁচাকৈয়ে ৰাজপুত জাতিৰ আগৰ তেজ নাই । অনেক ৰজাই বাদচাহৰ অধীন। তেওঁলোকৰ কোনে জ্বলা জুইত জাপ দিবলৈ সাহস কৰিব? তেওঁৰ অন্ত-আকাশ নিৰাশাৰ ডাৱৰে ঢাকি ধৰিলে।

 তেতিয়াও চিতোৰৰ ৰাণা ৰাজপুতনাৰ আকাশ বন্তি। ৰাণা ৰাজসিংহ সেই সময়ৰ এজন তেজস্বী আৰু খ্যাতিমান পুৰুষ।