হিন্দুৰ ওপৰত জিজিয়া কৰ লগোৱা কাৰণে তেজস্বিনী জাহান- আৰাই সম্ৰাটক গৰিহণা দিছিল। সম্রাটে তেওঁৰ কথালৈ আওকাণ কৰি নিজৰ ইচ্ছামতে কাম কৰিছিল যদিও এই তেজস্বিনী নাৰীক বৰ ভয় আৰু সম্মান কৰিছিল। মৰাৰ পাচত সম্রাটে তেওঁক ‘সাহীবৎ উজ্জেমানী' অর্থাৎ যুগ-সম্রাজ্ঞী নামে অভিহিত কৰিছিল।
১৬৮১ খৃষ্টাব্দৰ ৬ চেপ্তেম্বৰ তাৰিখে পবিত্ৰ ৰমজান মাহৰ তৃতীয় দিন৷ জাহান-মাৰাৰ মৃত্যু হয় । মৰাৰ অলপ দিনৰ আগতে লিখা তেওঁৰ এটা কবিতাত তেওঁৰ মনৰ অভিলাষ এইদৰে প্ৰকাশ কৰিছিল— “মোৰ কবৰৰ ওপৰত কোনোৱে যেন মন্দিৰ নসজায় । কিয়নো দৰিদ্ৰৰ আত্মাৰ ঘাঁহ-বনেই বহুমূলীয়া আভৰণ ।” এই কবিতাৰ ভাৱৰ পৰা নিৰভিমানী জাহান-আৰাৰ উদাৰ মনৰ পৰিচয় পোৱা যায় ৷
দিল্লীত জাহান-আৰাৰ সমাধি এতিয়াও আছে। তাৰ ওপৰত মাৰ্ব্বল পাথৰৰ কোনো কাৰুকাৰ্য্য নাই ৷ সি ঘাঁহ-বনেৰে ঢকা এটা মৈদাম। তালৈ সকলোৱে বিনা বাধাই যাব পাৰে । এতিয়াও ফকিৰ সকলে সেই কবৰৰ ওপৰত বহি জাহান-আৰাৰ গুণ গান কৰে।