সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
নাৰী-ৰত্ন।

তেওঁৰ প্ৰিয়তমা পত্নী মমতাজবেগমৰ মৃত্যু হয়। জাহান আৰ তেতিয়া ওঠৰ বছৰীয়া গাভৰু।

 সাধাৰণতঃ বাদচাহৰ মাক কিম্বা পত্নীয়ে অন্তঃপুৰ শাসনৰ ভাৰ পায়। বাদচাহৰ পত্নী ঢুকোৱাত সেই সন্মানৰ ভাৰ তেওঁ মৰমৰ জীয়েক জাহান-আৰাক দিয়ে। এজনী গাভৰু ছোৱালীৰ পক্ষে এই ভাৰ কম গধূৰ নহয়। অন্তঃপুৰৰ সৰু-বৰ সকলোকে শাসনত ৰখা, সকলোকে সৌজন্য দেখুৱাই সন্তুষ্ট কৰা, বিয়া-বাৰু আৰু আন আন ৰাজকীয় উৎসৱত কাৰ্য্যৰ শৃঙ্খলা ৰখা, মানী, জ্ঞানী আৰু বয়সীয়া মহিলা সমাজত অন্তঃপুৰৰ প্ৰধান মহিলাৰ সম্ভ্ৰম, গাম্ভীৰ্য্য আৰু মৰ্য্যদা ৰাখি চলিব পৰা সহজ কাম নহয়। বয়সত তৰুণ হলেও জাহান-আৰাই এই কাম বয়সীয়া মহিলাৰ দৰে অতি পৰিপাটিকৈ চলাইছিল।

 কিন্তু ধন-সম্পত্তি, মান-সম্ভ্ৰম আৰু ভোগ-সুখ মহিমাৰে নাৰী-হৃদয়ৰ মহত্ব লাভ কৰিব নোৱাৰি। সেৱা, সহিষ্ণুতা, স্নেহ, প্ৰীতি, ক্ষমা, সহানুভূতি, দয়া প্ৰভৃতি গুণেইহে নাৰী-হৃদয়ৰ ঘাই অলঙ্কাৰ। জাহান-আৰা এইবোৰ সজ গুণেৰে বিভূষিত আছিল আৰু এইবোৰ গুণৰ কাৰণেহে তেওঁ আজিও অমৰ হৈ আছে। ৰাজ পৰিয়ালৰ সেৱা আৰু কল্যাণ কামনাই জাহান-আৰাৰ জীৱনৰ প্ৰধান ব্ৰত আছিল।

 ১৬৩৪ খৃষ্টাব্দত গাৰ কাপোৰত জুই লাগি তেওঁ আধা পোৰা হয়। তেওঁৰ গাৰ মঙহ উৱলি যায়। তেওঁৰ তেনে অৱস্থা দেখি সম্ৰাট বলিয়াৰ দৰে হয়। তেওঁ অনেক