জাহান-আৰা।
বাদচাহ চাহজাহাজৰ জীৱন-কাহিনীৰ আদিৰ পৰা অন্তলৈকে মন কৰিলে দেখা যায় যে, তেওঁৰ জীৱনত দুটা পৰস্পৰ বিৰোধী শক্তিয়ে কাম কৰিছিল। এফালৰ পৰা চালে দেখা যায়, তেওঁ এজন বিজয়ী বীৰ, ভাগ্যবান স্বামী, কীৰ্ত্তিমন্ত পুৰুষ, ন লাখ সেনাৰ মালিক, ময়ূৰ সিংহাসনৰ অধিপতি, প্ৰজাৰঞ্জক ৰজা, তাজমহলৰ স্ৰষ্টা আৰু কোহিনুৰ কিৰিটীধাৰী মহামহিম সম্ৰাট। কিন্তু আন ফালৰ পৰা চালে দেখা যাব যে, তেওঁ ডেকাকালতে প্ৰিয়তমা পত্নীৰ শোকত কাতৰ, ৰুগ্ন আৰু বৃদ্ধ অৱস্থাত অবাধ্য পুত্ৰৰ হাতত বন্দী আৰু চকুৰ আগতে পো-নাতিৰ হত্যা দেখি মানসিক পীড়াত পাগল। ই যেন সৌভাগ্য লক্ষ্মীৰ কৃপাৰ ওপৰত নিষ্ঠুৰ কালৰ তাণ্ডৱ-নৃত্য।
চাহজাহান বাদচাহ হোৱাৰ তিনি বছৰ পিচতে তেওঁৰ প্ৰিয়তমা পত্নী মমতাজমহলৰ মৃত্যু হয়। তাৰ পিচৰ আঠাইশ বছৰ শাসনকালকে তেওঁৰ ৰাজ-ভোগ নুবুলি কঠোৰ কৰ্ত্তব্য পালনহে বুলিব লাগে। জীৱনৰ শেষ আঠ বছৰ তেওঁ জড়া আৰু ব্যাধিৰ পীড়াত কাতৰ আৰু পুত্ৰৰ হাতত বন্দী। এই যন্ত্ৰণাৰ উপৰিও তেওঁৰ প্ৰিয় পুত্ৰ দাৰা আৰু মুৰাদ আৰু নাতি সুলেমান শুকোৰ নিদাৰুণ হত্যাৰ দৃশ্যই তেওঁক প্ৰায় পাগলৰ দৰে কৰি তোলে। তিমানতো বিধাতাই এই হতভাগা সম্ৰাটক