সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় সংস্কৰণৰ ভূমিকা।

 “নাৰীৰত্ব”ৰ দ্বিতীয় সংস্কৰণ শেষ হৈ যাবৰ আজি কেবা বছৰো হল। যোৱা মহাযুদ্ধৰ মাজত আৰু তাৰ পিছতো ভালেমান দিনলৈকে ছপাৰ অসুবিধা আৰু কাগজৰ অভাবৰ বাবে, ৰাইজে বিচৰাতো গ্ৰন্থকাৰে পুনৰ ছপাই উলিয়াব পৰা নাছিল। তেনেকুৱা অসুবিধা এতিয়ালৈকে বহুত পৰিমাণে থকা স্বত্বেও, কিতাপ খনিৰ এটি নতুন পৰিবৰ্দ্ধিত সংস্কৰণ ছপাবলৈ হাতত লোৱা বাবে, গ্ৰন্থকাৰ আটাইৰে ধন্যবাদৰ পাত্ৰ হৈছে । কিতাপ খনিৰ দ্বিতীয় সংস্কৰণত গ্ৰন্থকাৰে প্ৰথম সংস্কৰণত দিয়াৰ উপৰি ছয় গৰাকী মহিলাৰ জীবনী যোগ দিছিল । বৰ্ত্তমান তৃতীয় সংস্কৰণত ৰমাৰাই, মহাৰাণী চেটুলক্ষ্মীবাই, কস্তুৰীবা গান্ধি, কুমাৰী তৰুদত্ত, সৰোজিনী নাইডু, জাহান জেব বাহু, কুদচিয়া বেগম, নবাব চিকিন্দাৰ বেগম, নবাব চুলতান চাহজাহান বেগম, ৰাণী চাও চিং, নংব্লকা গাভৰু, পদ্মাৱতী দেৱী, নাৰায়ণী সন্দিকৈ আৰু কনকলতা— এই সোতৰ গৰাকী মহিলাৰ জীবনী নতুনকৈ দিয়া হৈছে, আৰু তাৰ ফলত কিতাপ খনিৰ আকাৰ আৰু গুৰুত্ব বহুত পৰিমাণে বাঢ়িছে।

 এই কিতাপ খনিত গ্রন্থকাৰে প্রাচীন যুগৰ যি সকল মহিলাৰ সম্বন্ধে একেবাৰে ঠিৰাং কৈ ঐতিহাসিক তথ্য পোৱা নেযায় সেই সকলৰ বিবৰণ বাদ দিছে। তথাপি ওপৰত উল্লেখ কৰা মহিলা সকলৰ জীবনীবোৰে কিতাপখনি আটাইৰে নথৈ সমাদৰৰ যোগ্য কৰি তুলিছে ৷ মোৰ বিশ্বাস