সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
চাঁদবিবি।


 ইয়াৰ কিছুকাল পাচত তেওঁৰ দেউতাক নিজামচাহৰ মৃত্যু হয়। তেওঁৰো পুত্ৰ সন্তান নাছিল। গতিকে ৰাজ্যৰ ৰজা হবলৈ কেইজনমানৰ খোৱা কামোৰা লাগে। বিষয়া সকলৰ মাজত দলাদলিৰ সৃষ্টি হয়। এটা দলে প্ৰবল প্ৰতাপী বাদচাহৰ কাষ চাপে। তেতিয়া দিল্লিত আকবৰ বাদচাহৰ ৰাজত্ব কাল। বাদচাহে দাক্ষিণাত্য বিজয়ৰ কাৰণে চল চাই আছিল। এতিয়া এই আহ্বান পাই তেওঁ এটা ডাঙৰ ফৌজ লগত দি পুতেক মুৰাদক আহম্মদ নগৰ জয় কৰিবলৈ পঠিয়ালে।

 পাটত ৰজা নাই। দেশৰ আভ্যন্তৰিক অৱস্থা এনে হুলস্থূলীয়া। তাতে প্ৰবল শত্ৰুৱে দেশ জয় কৰিবলৈ অহা শুনি দেশপ্ৰেমিক বিষয়া সকলৰ কি কৰোঁ, কলৈ যাওঁ লাগিল। তেওঁলোকে আন একো উপায় নেদেখি চাঁদবিবিৰ কাষ চাপিল। জন্মভূমিৰ বিপদৰ গুৰুত্ব বুজি চাঁদবিবি থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ ততালিকে আহম্মদ নগৰলৈ আহিল আৰু সকলোকে কৈ মিলি শত্ৰুৰ বিপক্ষে থিয় কৰালে। তেওঁৰ ইঙ্গিতত বিজাপুৰৰ চুলতানেও এটা ফৌজ লৈ আহম্মদ নগৰ ৰক্ষাৰ কাৰণে আহিল।

 এনেতে বাদচাহৰ বিপুল বাহিনীয়ে আহম্মদ নগৰ ঘেৰি পেলালে। চাঁদবিবিয়ে পোনতে শত্ৰুক আক্ৰমণ নকৰি চাহাজাদা মুৰাদলৈ সন্ধিৰ প্ৰস্তাৱ পঠিয়ালে। চাহাজাদাই তালৈ আওকাণ কৰি সৈন্যবোৰক আহম্মদ নগৰ আক্ৰমণ কৰিবলৈ আদেশ দিলে।