চাঁদবিবি।
ষোড়শ শতিকাৰ আগ ভাগত বিজয়নগৰৰ ৰজা আলি আদিল চাহে আহম্মদ নগৰৰ ৰজা নিজা চাহৰ জীয়েকক বিয়া কৰাইছিল। আহম্মদ নগৰৰ এই জনা ৰাজকুমাৰীৰ নাম চাঁদবিবি।
চাঁদবিবি ভাৰতৰ বিখ্যাত বীৰ-নাৰী সকলৰ এগৰাকী। তেওঁ গা-লাহী তিৰোতা আছিল। তেওঁৰ মুখত ৰাণীৰ গাম্ভীৰ্য্য আৰু নাৰীৰ কোমলতা প্ৰকাশ পাইছিল। কিন্তু তেওঁ বীৰৰ দৰে তৰোৱাল ঘূৰাব পাৰিছিল আৰু সংকল্প সিদ্ধিৰ কাৰণে প্ৰাণ পৰ্যন্ত অকাতৰে উচৰ্গা কৰিব পাৰিছিল। ৰাজনীতি জ্ঞানত তেওঁ পুৰুষকো চেৰ পেলাইছিল আৰু ৰাজ্য শাসন কাৰ্য্যত তেওঁৰ দক্ষতা পুৰুষ শাসকতকৈও অধিক আছিল। শাসন কাৰ্য্যত তেওঁ স্বামীৰ সোঁহাত স্বৰূপ আছিল আৰু আৱশ্যক বুজি তেওঁ স্বামীৰ লগত ৰণলৈকো গৈছিল।
তেওঁ অকালতে বিধবা হয়। তেওঁৰ একো সতি-সন্তান নাছিল। গতিকে স্বামী ঢুকোৱাত তেওঁ আব্বাচ খাঁ নামে এজন ভতিজাকক পো কৰি তুলি লয় আৰু তেওঁকে ইব্ৰাহিম আদিল চাহ নাম দি ৰাজ্যৰ ৰজা পাতে। প্ৰকৃততে কিন্তু ৰাণীয়েহে ৰাজ্য-শাসন কৰিছিল।