সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
নাৰী-ৰত্ন।


 কিন্তু অকল বীৰত্বৰ বলেৰে তেওঁলোকে কিমান পৰ যুঁজিব। বাদচাহৰ অগণন সৈন্য সংখ্যাৰ তুলনাত তেওঁলোক মুঠে এমুঠি মানুহ। গতিকে আটায়ে নিজৰ নিজৰ তপত তেজেৰে জন্মভূমিৰ অৰ্ঘ্য দি সি পুৰীলৈ গল। প্ৰথমে কৰ্ণাৱতী ৰণত পৰিল। তাৰ পাচত কমলাৱতী আৰু শেষত কৰ্ম্মদেৱীয়ে জন্মভূমিৰ কোলাত শেষ-শয়ন কৰিলে।

 এনেতে পুত্তই আনটো দলক হৰুৱাই বাদচাহৰ দলক আক্ৰমণ কৰিলেহি। মাক, ঘৈণীয়েক আৰু ভনীয়েকৰ মৰা শ কেইট৷ দেখি ক্ষন্তেকলৈ তেওঁৰ মুখ কেঁহৰাজ বটা যেন বিবৰ্ণ হল। কিন্তু পিচ মুহূৰ্ত্ততে সেই দুৰ্ববলতা জোকাৰি পেলাই ৰণোন্মত্ত হল। তেওঁ সংসাৰৰ সকলো মায়া ছিঙি জৰ্জ্জৰীয়া হৈছিল। গতিকে জীৱনৰ আশা একেবাৰেই জলাঞ্জলি দি শত্ৰু নাশ কৰিবলৈ ধৰিলে। কিন্তু অলপ পৰৰ পাচতে তেওঁৰো কোমল দেহ ক্ৰমে অবশ হৈ আহিল। তেৱোঁ মাকৰ কোমল কোলাত মূৰ থৈ শেষ শয়ন কৰিলে।

 বাদচাহ ৰণত জিকিল। চিতোৰ তেওঁৰ অধীন হল। কিন্তু নৰ-নাৰীৰ তেজেৰে ৰাঙলী মৰিশালীৰ দৰে চিতোৰ নগৰীত সোমাই তেওঁৰ তধা লাগিল। ৰাজপুত জাতিৰ দেশপ্ৰেম আৰু বীৰত্বৰ নমুনা দেখি তেওঁ বিস্ময় মানিলে। তেওঁ এই বীৰত্বৰ কাহিনী যুগমীয়া কৰিবৰ কাৰণে তাত এটা কীৰ্ত্তি-স্তম্ভ সজালে। সেই স্তম্ভ এতিয়াও আছে। তদুপৰি গুণীৰ গুণৰ মোল বুজা আকবৰ বাদচাহে জয়মল আৰু পুত্তৰ দুটা বীৰ মূৰ্ত্তি