ধাত্ৰী পান্না।
ষোড়শ শতিকাৰ আগ ভাগৰ মিবাৰৰ এজন প্ৰবল প্ৰতাপী ৰাণাৰ নাম আছিল সংগ্ৰামসিংহ। তেওঁৰ সাহস আৰু বীৰত্বৰ কথা কৈ অন্ত কৰিব নোৱাৰি। কথিত আছে যে, তেওঁৰ শৰীৰত এশ আঠোটা অস্ত্ৰৰ দাগ আছিল। এই মহাবীৰে বাদচাহ বাবৰক ভাৰতৰ পৰা উলিয়াই খেদিবলৈ যথাসাধ্যে চেষ্টা কৰিছিল; কিন্তু যুদ্ধত হাৰি মনৰ দুখত ৰাজ্য এৰি গুচি যায়। তেওঁ কলৈ গল, কোনোৱে কব নোৱাৰে। তেতিয়াৰ পৰা তেওঁৰ সম্পৰ্কে বুৰঞ্জী একেবাৰে নিমাত।
তেওঁৰ পাচত তেওঁৰ পুতেক বিক্ৰমজিৎ মেবাৰৰ ৰাণ৷ হয়। কিন্তু তেওঁৰ শাসনত চিতোৰৰ তলতীয়া ৰজাসকলে মূৰ ডাঙি উঠে আৰু চিতোৰৰ অৱস্থা অতি শোক লগা হয়। তাকে দেখি ৰাজ্যৰ বৰমূৰীয়া সকলে মিলি তেওঁক ভাঙি তেওঁৰ পুতেক উদয়সিংহক চিতোৰৰ ৰাণা পাতে। কিন্তু তেতিয়া ৰাণাৰ বয়স মুঠে দুবছৰ। সেই কাৰণে বনবীৰ নামে ৰাজপৰিয়ালৰ ডেকা এজনক উদয়সিংহৰ প্ৰতিনিধিৰূপে ৰাজ্যশাসনৰ ভাৰ দিয়ে। বনবীৰ সংগ্ৰামসিংহৰ বাপেকৰ ঔৰসজাত দাসীৰ সন্তান।
শাসনভাৰ পোৱাৰ আগলৈকে বনবীৰ এজন চৰিত্ৰবান লোক বুলিয়েই খ্যাতি আছিল। কিন্তু ক্ষমতা পাই তেওঁৰ মূৰ